গুৱাহাটীৰ আই এছ বি টিত নিচাযুক্ত টেবলেটসহ ২ সৰবৰাহকাৰীক আটক…

গুৱাহাটীৰ আই এছ বি টিত নিচাযুক্ত টেবলেটসহ ২ সৰবৰাহকাৰীক আটক…

ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীৰ বেতকুছিৰ আই এছ বি টিত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ আৰক্ষীয়ে দুই সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰী দুটা হল মণিপুৰৰ কাছিঙৰ আমিৰ খান আৰু কামৰুজ জামান বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

ইফালে এই দুই সৰবৰাহকাৰীয়ে দুটা বেগত বৃহৎ নিচাযুক্ত টেবলেটখিনি মণিপুৰৰ পৰা গুৱাহাটীত বিক্ৰীৰ বাবে আনিছিল যদিও টহলদাৰী আৰক্ষীয়ে সৰবৰাহকাৰী দুটা ঘূৰি ফুৰি থকা অৱস্থাত হাতে লোটে আটক কৰিবলৈ লয়।

আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা দুটা বেগত নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে । আনহাতে এই বৃহৎ পৰিমাণৰ টেবলেট খিনিৰ বজাৰ মূল্য ১০ লাখ টকা বুলি আৰক্ষীয়ে জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in