শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

‘উদ্ভাৱনী মহোৎসৱ’ৰ সফল সামৰণিঃ অৰুণাচলৰ যুৱ উদ্ভাৱক হা টেড’ক ‘দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন’ভেশ্যন বঁটা ২০২০’ প্ৰদান…

275

ডিজিটেল সংবাদ, গুৱাহাটীঃ পূৰ্বৰ বছৰসমূহৰ দৰে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে ‘নেছনেল ইন’ভেশ্যন ফাউণ্ডেছন’ৰ সহযোগত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ চৌহদত আয়োজন কৰা ‘উদ্ভাৱনী মহোৎসৱ’ৰ সফলতাৰে অন্ত পৰে।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱখনিত ‘দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন’ভেশ্যন বঁটা ২০২০’ অৰুণাচলৰ হা টেড’ ক প্ৰদান কৰা হয়, যি নিজৰ নিজৰ একক উদ্ভাৱনী সঁজুলিৰ দ্বাৰা ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ যান বাহন আৰোহী তথা প্ৰশাসনৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৷ গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্যই। অনুষ্ঠানত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক সমন্বয়ক বাসুদেৱ মণ্ডল আৰু অন্যান্য বিশিষ্ট বিজ্ঞানীসকলো উপস্থিত আছিল।

‘দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন’ভেশ্যন বঁটা ২০২০’ বঁটা প্ৰাপ্ত অৰুণাচলৰ নিবাসী হা টেডে’ soft.spy নামৰ এবিধ নতুন সজুঁলি উদ্ভাৱন কৰিছে যাৰ সহায়ত মটৰ চাইকেল তথা গাড়ীৰ গতিবেগ, লাইটৰ নিৰ্দেশনা সঠিকভাৱে আছেনে নাই তাক ৰেকৰ্ড কৰি ৰাখিব পাৰি৷ এই সজুলিঁবিধ নিৰ্মাণৰ আৰঁতো আছে এটা ঘটনা।

হা টেডে’ সংবাদ মাধ্যমক সদৰি কৰা মতে, ২ বছৰ পূৰ্বে উদ্ভাৱকৰ সম্পৰ্কীয় এগৰাকী ব্যক্তি দুৰ্ঘটনাত নিহত হৈছিল৷ কিন্তু দুৰ্ঘটনাটোত কাৰ ভুল আছিল সেই সম্পৰ্কে পৰিয়ালৰ লোক তথা প্ৰশাসন অজ্ঞ আছিল৷ দুৰ্ঘটনাৰ পাছত এদিন ভনীয়েকে হা টেড’ক দুৰ্ঘটনাৰ ভুলৰ কাৰণ সংগ্ৰহৰ উপায়ৰ বিষয়ে সুধিছিল৷ ইয়াৰ পিছতে North Eastern Regional Institute of Science and Technology চমুকৈ NERIST ত অধ্যয়নৰত হা টেড ক ভনীয়েকৰ কথাখিনিয়ে উক্ত দিশত ন’ উদ্ভাৱন কৰিবলৈ আগ্ৰহী কৰিলে৷

আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ টেড পিতৃৰ পৰা দুটা ষাণ্মাসিকৰ সময় লৈ প্ৰায় ১ লাখ টকা খৰচ কৰি উদ্ভাৱন কৰি উলিয়াইছিল soft.spy নামৰ বিশেষ সজুঁলিবিধ। দুচকীয়া বাহনৰ বাবে এই সজুঁলিবিধৰ দাম ১২০০ টকা আৰু চাৰিচকীয়া বাহনৰ বাবে এই সজুঁলিবিধ দাম ১৫০০/১৬০০ টকা৷ অৱশ্যে আৰ্থিক দিশত সহায় পালে উদ্ভাৱকে কম দামত এই সজুঁলিবিধ আগন্তুক সময়ত যোগান ধৰিব বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে, প্রয়াত দীননাথ পাণ্ডে আছিল ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞান কৰ্মী আৰু উদ্ভাৱক। তেওঁ উদ্ভাৱন কৰা বিভিন্ন কাৰিকৰী যন্ত্ৰই ভাৰতক ক্ৰমবিকশিত হোৱাত সহায় কৰিছে। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞান মহলে তেওঁক প্ৰতিবছৰে স্মৰণ কৰে আৰু সমাজ পৰিৱৰ্তনৰ হকে উন্নত উদ্ভাৱন কৰা নতুন উদ্ভাৱকক তেওঁৰ নামত বঁটা প্ৰদান কৰা হয়।

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে আয়োজন কৰা ‘উদ্ভাৱনী মহোৎসৱ’ত বিজ্ঞান প্ৰদৰ্শনী, উদ্ভাৱন, কলা-শিল্প আদি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শ্ৰেণীৰ লোকক তেওঁলোকৰ সৃষ্টিশীলতা বিকাশৰ বাবে এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰা হয় । এইবাৰৰ মহোৎসৱখনিত পশ্চিম বংগ আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৪০টা উদ্ভাৱনী প্ৰকল্পই অংশ লৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি