বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব অখিল গগৈ জামিনৰ ৰায়…

বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব অখিল গগৈ জামিনৰ ৰায়…

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে ৭ জানুৱাৰী ২০২১ তাৰিখে কৃষক নেতা অখিল গগৈৰ জামিনৰ ৰায়দান দিব । ৰাত্পুৱা ১০ বাজি ৩০ মিনিট বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হ'ব অখিল গগৈৰ জামিন প্ৰসংগত ৰায়দান । যাৰ ফলত বৃহস্পতি বাৰে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা অখিল গগৈৰ । ন্যায়ধীশ কল্যান ৰায় চোৰানা আৰু অজিত বৰঠাকুৰৰ আদালতে দিব এই ৰায় ।

আনহাতে এই ৰায়দানৰ প্ৰাকক্ষনত অখিল গগৈৰ মাতৃৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অখিল গগৈৰ সমৰ্থক সকলে নামঘৰত চাকি- বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছে । ইফালে এনে এক খবৰে মৰাণত ৭ জানুৱাৰীৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অভিৱৰ্তনৰ বাবে ব্যস্ত হৈ থকা ৰাইজৰ দলৰ কৰ্মীসকলকো দুগুণে উৎসাহিত কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in