লাইটৰ খুটাঁত বান্ধি সাংবাদিকক পিটা ৩অভিযুক্তক উচ্চ ন্যায়ালয়ৰ অগ্ৰিম জামিন, চৰকাৰৰ ভূমিকাত ক্ষুদ্ধ ৰাইজ…

লাইটৰ খুটাঁত বান্ধি সাংবাদিকক পিটা ৩অভিযুক্তক উচ্চ ন্যায়ালয়ৰ অগ্ৰিম জামিন, চৰকাৰৰ ভূমিকাত ক্ষুদ্ধ ৰাইজ…

ডিজিটেল ডেস্কঃ মিৰ্জাত লাইটৰ খুঁটাত বান্ধি সাংবাদিকক প্ৰাণনাশৰ চেষ্টা কৰা মূল অপৰাধী সঞ্জয় ঠাকুৰীয়াই আগতীয়া জামিন লাভ কৰিছে। অবৈধ জুৱাৰ কাণ্ডাৰীয়ে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণৰ ঘটনাক লৈ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে ন্যয়াসয়ে তেওঁলোকৰ অগ্ৰিম জামিন মঞ্জুৰ কৰে। পাচোঁতাকৈ দিন অপৰাধীক গ্ৰেপ্তাৰ নকৰি আগতীয়া জামিন আবেদন দাখিলৰ সুযোগ প্ৰদান কৰা বুলি আৰক্ষীৰ বিৰুদ্ধে বিগত দিনকেইটাও যি অভিযোগ উত্থাপিত হৈ আহিছিল, অৱশেষত শুকুৰবাৰে সেয়াই সত্যত পৰিণত হল।

উচ্চ ন্যায়ালৰ জ্যেষ্ঠ অধিবক্তাই দাখিল কৰা আবেদনৰ ভিত্তিত আজি ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতে চৰ্ত সাপেক্ষে তেওঁলোকৰ আগতীয়া জামিন মঞ্জুৰ কৰে। ইফালে জামিনৰ হকে পদকীয়া পক্ষৰ হৈ ভাস্কৰদেৱ কোঁৱৰে প্ৰদান কৰা যুক্তি বলিষ্ঠভূমিকাৰে খণ্ডন কৰাত ব্যৰ্থ হয় গোচৰীয়া চৰকাৰী পক্ষৰ অধিবক্তা। যাৰ বাবেই এই অপৰাধীকেইটাই আগতীয়া জামিন লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্যযোগ্য যে, ১৫ নৱেম্বৰ ২০২০ত মনিয়ৰী তিনিআলিত জুৱাৰীৰ বিৰুদ্ধে বাতৰি লিখাৰ বাবে সঞ্জয় ঠাকুৰীয়া আৰু তেওঁৰ সংগী সকলে অসমীয়া প্ৰতিদিনৰ সংবাদদাতা মিলন মহন্তক লাইটৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিছিল।

এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল। সংবাদিকৰ নিৰাপত্তাৰ প্ৰতি অহা এনে ভাবুকি আৰু জুৱাৰী চক্ৰৰ এনে অতপালিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিৰ্দেশ দিছিল।

এই সন্দৰ্ভত পলাশবাৰী থানাত ৫১৫/২০ নম্বৰৰ এক গোচৰো ৰুজু কৰা হৈছিল। অভিযোগ মতে, আৰক্ষীয়ে এই গোচৰত অতি দুৰ্বল ধাৰা প্ৰয়োগ কৰাৰ বাবেই আইনী সুৰুঙাৰে এই অপৰাধী কেইটাই এই গোচৰৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি ৩২৫ আৰু ৩৯২ধাৰা প্ৰয়োগ কৰা হৈছিল।

গুৱাহাটী উচ্চ ন্যায়ালয়ে স্বৰ্ত সাপেক্ষে সঞ্জয় ঠাকুৰীয়া, বিশ্বজিত দাস, অৱনী ঠাকুৰীয়াক অগ্ৰিম জামিন প্ৰদান কৰে। এই অগ্ৰিম জামিনৰ বাবে সঞ্জীৱ ঠাকুৰীয়াৰ পক্ষৰ অধিবক্তা আছিল ভাস্কৰ দেৱকোঁৱৰ। আদালতে অগ্ৰিম জামিন প্ৰদান কৰি সঞ্জয় ঠাকুৰীয়া, বিশ্বজিত দাস, অৱনী ঠাকুৰীয়াক অনুসন্ধানকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰো নিৰ্দেশ দিছে।

১৫হাজাৰ টকা বিনিময়ত অগ্ৰিম জামিন লাভ কৰা এই অভিযুক্ত কেইজনৰ অৱনী ঠাকুৰীয়া আৰু বিশ্বজিত দাসে ৭দিনৰ ভিতৰত অনুসন্ধানকাৰী আৰক্ষীৰ সন্মুখত হাজিৰ হব লাগিব। আনহাতে মূল অভিযুক্ত সঞ্জয় ঠাকুৰীয়া বৰ্তমান হাস্পাতালত চিকিৎসাধীন হৈ থকা বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

সেই অনুসৰি তেওঁ চিকিতসালয়ৰ পৰা অহাৰ পাছতহে আৰক্ষীৰ সন্মুখত হাজিৰ হব লাগিব। গোচৰৰ সন্দৰ্ভত আদালতে আৰক্ষীক ১১ডিচেম্বৰ ২০২০ৰ ভিতৰত কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ দিছে। সাংবাদিকক আক্ৰমণ কৰা এই তিনি মূল অপৰাধীয়ে আৰক্ষীৰ বাবেই জামিন লাভ কৰা বুলি এতিয়া চৰ্চা চলিছে।

আৰক্ষীয়ে অপৰাধী কেইটাক কৰায়ত্ত কৰাৰ সলনি জামিন লাভৰ বাবে সুযোগ দিযা বুলিও বিভিন্ন দল-সংগঠনে অভিযোগ তুলিছে। যিসময়ত সাংবাদিকৰ নিৰাপত্তাৰ বিষয়টোৱে ৰাজ্যজুৰি এক গুৰুত্বপূৰ্ণ বিষয়ৰূপে চৰ্চা লাভ কৰিছিল তেনে সময়তে মিলন মহন্তক আক্ৰমণৰ চেষ্টা কৰা মূল অভিযুক্ত কেইটাই জামিন লাভ কৰা ঘটনাক স্থানীয় ৰাইজেও সহজভাৱে লোৱা নাই। এই জুৱাৰী চক্ৰৰ সৈতে স্থানীয় আৰক্ষী বাহিনীৰো যে সুসম্পৰ্ক আছে সেই ধাৰণাও ৰাইজৰ মাজত গাঢ় হৈছে। মিলন মহন্তৰ আক্ৰমণকাৰীৰ কঠোৰ শাস্তিৰ বাবে দৃঢ় প্ৰদক্ষেপ গ্ৰহণ কৰা সলনি মুখ্যমন্ত্ৰী নিৰ্দেশকো আওকাণ কৰি আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক লৈও এতিয়া প্ৰশ্ন উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in