চৌদিশে কোভিড, চিন্তিত প্ৰশাসন, গুৰুকুলত এই পৰিবেশ…

1,484

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । কোভিডৰ আক্ৰমন বৃদ্ধিৰ লগে লগে বিভিন্ন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ইফালে কোভিডৰ এই ভয়াবহতাৰ বাবে সচেতনা বৃদ্ধি কৰিছে চৰকাৰে কিন্তু ইয়াৰ এক বিপৰীত ছবি দেখা গৈছে মহানগৰীৰ গুৰুকুল স্কুলত ।

গুৰুকুল স্কুলৰ শিশু সকলৰ স্কুল ছূটীৰ সময়ৰ দৃশ্য এয়া । দৃশ্যত দেখা গৈছে কোভিডৰ এই ভয়াবহ সময়তো স্কুল কতৃপক্ষৰ নাই যেন সচেতনতা । আনহাতে এই ক্ষেত্ৰত অভিভাবক শিশু সকলো সচেতন হোৱা উচিত । ইফালে কোভিডৰ বাবে বহুতো স্কুলত বৰ্তমানেও ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে চলি আছে পাঠদান ।

গুৰুকুল স্কুলৰ এই ছবিয়ে একাংশ অভিভাবকৰ চকু কপালত উঠিছে । ইপিনে গুৱাহাটীতো ক্ৰমান্বয়ে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰে কামৰূপ মহানগৰ জিলাত কোৰোনাত আক্ৰান্ত হয় ১০৪ গৰাকী লোক । গতিকে স্কুল কতৃপক্ষও এই ক্ষেত্ৰত অধিক সচেতন হোৱা উচিত ।

ইফালে বুধবাৰে বাস্কাত ১জন,বৰপেটাত ৪ জন,বঙাইগাওত ১ জন,কাছাৰত ২ জন,চৰাইদেউত ১জন,চিৰাঙত ৩ জন,ডিব্ৰুগড়ত ১৯ জন,ডিমা হাছাওত ১জন,গোৱালপাৰাত ২জন,গোলাঘাটত ৩ জন,হাইলাকান্দিত ১জন,হোজডাইত ২জন,যোৰহাটত ৪জন, কামৰূপ গ্ৰাম্যত ১৬ জন লোক কোভিডত আক্ৰান্ত হয় ।

আনহাতে কাৰ্বি আলং,কৰিমগঞ্জ আৰু নলবাৰী,শোনিতপুৰ জিলাকত ১জনকৈ লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে নগাওঁত ৪জন,শিবসাগৰত ৭ জন,তিনিচুকীয়াত ১২ জন,ওদালগুৰিত ২ জন লোক কোভিডত আক্ৰান্ত হয় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি