মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰঃ গুৱাহাটীত উচ্চ মানৰ আৱাসিক চিভিল ছাৰ্ভিছ প্ৰশিক্ষণ কেন্দ্ৰ…

মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰঃ গুৱাহাটীত উচ্চ মানৰ আৱাসিক  চিভিল ছাৰ্ভিছ প্ৰশিক্ষণ কেন্দ্ৰ…

ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ-পূবৰ কৃতী শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ। যিসকল শিক্ষাৰ্থীয়ে নিজকে সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব বিচাৰিছে তেওলোকে এতিয়াৰে পৰা উন্নত প্ৰশিক্ষণৰ বাবে বহিঃ ৰাজ্যলৈ ঢাপলি মেলিব নালাগে। কিয়নো শেহতীয়াকৈ গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছে উন্নত মানদণ্ডৰ এখন প্ৰশাসনিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি প্ৰতিষ্ঠান।

গুৱাহাটীৰ বেলতলাত প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানটিৰ নাম বিবেকানন্দ চিভিল ছাৰ্ভিছ একাডেমী। অসম তথা উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি অতি কম খৰচতে যাতে উন্নত মানদণ্ড, বহিঃৰাজ্যৰ সমপৰ্যায়ৰ শিক্ষা লাভ কৰিব পাৰে সেই লক্ষ্য আগত ৰাখি গঢ়ি তোলী হৈছে এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটি। বহিঃ ৰাজ্যৰ বিভিন্ন আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত কৰ্মৰত শিক্ষাগুৰুয়ে পাঠদান কৰিবলগীয়া প্ৰতিষ্ঠানটিত শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে আছে থকা-খোৱাৰ ব্যৱস্থা।

প্ৰশাসনিক সেৱা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত দিল্লীৰ আৰ কে পুৰমত অৱস্থিত সংকল্প আই এচ এচ অন্যতম। দিল্লীৰ এই প্ৰতিষ্ঠানটোতে অধ্যয়ন কৰি বহু শিক্ষাৰ্থী সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত উৰ্ত্তীণ হৈছে। দেশৰ অগ্ৰণী এই প্ৰতিষ্ঠাটিৰ জন্মলগ্নৰে পৰা নেতৃত্ব দি আহিছে এগৰাকী অসমীয়াই। শৈক্ষিক সঞ্চালক হিচাপে প্ৰায় ২০ টা বছৰ কাৰ্যনিবাহ কৰা অসম সন্তান ৰাজীৱ বৰুৱাৰ নেতৃত্বতেই প্ৰতিষ্ঠা হৈছে গুৱাহাটীৰ বিবেকানন্দ চিভিল ছাৰ্ভিছ একাডেমী।

অসম তথা উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ বাবে কিবা এটা কৰাৰ হেপাঁহ আৰু সপোনেৰে পুনৰ অসমলৈ ঘূৰি অহা অভিজ্ঞতাপুষ্ট ৰাজীৱ বৰুৱা নেতৃত্বত, অসমৰ বহুকেইগৰাকী আগশাৰী শিক্ষাবিদ, সমাজসেৱক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ উদ্যোগত গঢ় লৈ উঠা প্ৰতিষ্ঠানটিৰ পাঠদান আৰম্ভ হ'ব চলিত বৰ্ষৰ ডিচেম্বৰৰ শেষৰফালে।

গুণগত শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা বিবেকানন্দ চিভিল ছাৰ্ভিছ একাডেমীয়ে ১৫ৰ পৰা ২০ বছৰ অভিজ্ঞতাসম্পন্ন কেইবাজনো প্ৰশিক্ষকে পাঠদান কৰিব। প্ৰতিষ্ঠানটিৰ সৈতে চুক্তিৱদ্ধ হোৱা প্ৰশিক্ষকসকল হৈছে- শ্ৰী অশোক কুমাৰ ডুবে, ড০ এছ কে ঝা, এম কে মোহিত, ওমৰেন্দ্ৰপাল সিং, ড০ ৰবি আগ্ৰহৰি, সুনীল কুমাৰ সিং, ৰোহিত ৰাজীৱ, প্ৰমোদ শৰ্মা, উদয়ৰ জন সিং, তাৰিক খান, ৰাজেশ কুমাৰ সিং, সন্দীপ কুমাৰ সিং, কৃষ্ণ কুমাৰ সিং, সন্দীপ কুমাৰ সিং, ড০ এছ পি ঝা, প্ৰণয় আগৰৱাল, অনন্ত ত্ৰিপাঠী, নীতিন লালি, মনোজ জয়ছোৱাল, তেজবীৰ সিং, সমৰ ৰঞ্জন সিং, ৰবি পাঠক, এচ কে সিং।

বিবেকানন্দ চিভিল ছাৰ্ভিছ একাডেমীত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচতে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ লগতে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব। লগতে প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰত প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে লাগতিয়াল পৰিৱেশ গঢ় দিয়াৰ মানসেৰে ২৪ ঘন্টাই অধ্যয়ন কৰিব পৰাকৈ উন্নত মানৰ অধ্যয়নকক্ষৰ লগতে পুথিভৰালৰ ব্যৱস্থা কৰা হৈছে।

শিক্ষাৰ্থীসকলৰ বাবে আৱাসিক ব্যৱস্থাৰ উপৰিও মানসিক, শাৰিৰীক বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি প্ৰতিষ্ঠানটিত আৱাসিক শিক্ষাগুৰুৰো ব্যৱস্থা কৰিছে। সম্পুৰ্ণ এক ঘৰুৱা পৰিৱেশত শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্য বিশেষ পৰিকল্পনা হাতত লৈছে কতৃপৰ্ক্ষই। উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষাৰ্থীৰ বাবে এই একাডেমীয়ে বিশেষ ব্যৱস্থা হাতত লৈছে। প্ৰতিষ্ঠানটিয়ে কেৱল পৰীক্ষাৰ প্ৰস্তুতিতে সীমাৱদ্ধ নাৰাখি শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশতো গুৰুত্ব প্ৰদান কৰিছে।

এই প্ৰতিষ্ঠানটিৰ সন্দৰ্ভত অভিভাৱক বা ছাত্ৰ-ছাত্ৰীয়ে বিতংভাৱে জানিবৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত ৯৮১১৫২১১৮ আৰু ৮১৩০৮৪৯৪৩৫ নম্বৰত গুৱাহাটী বেলতলাস্থিত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

বিবেকানন্দ চিভিল ছাৰ্ভিছ একাডেমীৰ ঠিকনাঃ আদিত্য ৰেচিডেন্সীৰ প্ৰথম মহলা, বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত, নামঘৰ পথ, জয়ানগৰ, বেলতলা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in