দিন বেয়া আছিল! ড্ৰাগছ ক্ৰয় কৰি খোৱাৰ পূৰ্বে দেখিলে আৰক্ষীয়ে, তাৰ পিছত…

দিন বেয়া আছিল! ড্ৰাগছ ক্ৰয় কৰি খোৱাৰ পূৰ্বে দেখিলে আৰক্ষীয়ে, তাৰ পিছত…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমিয়া বেহা। শনিবাৰে আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ এজন যুৱক। লকডাউনৰ মাজতে পল্টনবজাৰত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষীয়ে তালাচী চলাই যুৱকজনক আটক কৰে। আৰক্ষীৰ জালত পৰা যুৱকজনৰ নাম জাকিৰ হুছেইন।

নলবাৰীত ঘৰ যুৱকজনৰ। হাতীগাঁৱত ভাৰাঘৰত থাকে জাকিৰ। হাতীগাঁৱৰ ভাৰাঘৰৰ পৰা খোজকাঢ়ি লাখটকীয়ালৈ আহি তেওঁ ক্ৰয় কৰিছিল ড্ৰাগছ। আৰক্ষীয়ে দুটা কন্টেইনাৰ উদ্ধাৰ কৰাৰ পিছতে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা চলাই আছে। উল্লেখ্য যে, আটক হোৱাৰ পিছতে যুৱকজনে লাখটকীয়াত মুকলিকৈ ড্ৰাগছ বিক্ৰী কৰা হয় বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in