আৰ্তজনৰ কাষত দিগন্ত’জ ফিজিওথেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেন্টাৰ, অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ….

আৰ্তজনৰ কাষত দিগন্ত’জ ফিজিওথেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেন্টাৰ, অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ….

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কোৰোনা মহামাৰীৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ কাৰণে আৰ্থিকভাৱে দুৰ্বল লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত তীব্ৰ নাটনিৰ সন্মুখীন হৈছে৷ এনে সময়তে তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে দিগন্ত'জ ফিজিওথেৰাপী এণ্ড ৰিহেবিলিটেশ্যন চেন্টাৰ চমুকৈ 'দি পি আৰ চি' আৰু কেন্দ্ৰটোৰ শিশু চিকিৎসা সেৱা ইউনিট 'দিচিআৰ এচ'ক পৰিচালনা কৰা ৰাজ্যৰ অগ্ৰণী সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠন 'আঁচল'৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 'আঁচল'য়ে এই উদ্যোগ গ্ৰহণ কৰে৷ বিশ্বৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান 'মুথুট ফাইনেন্স'ৰ সহযোগত 'আঁচল'-য়ে গুবাহাটীৰ নুনমাটি আনন্দ নগৰ, বোন্দা আমগাঁও আৰু বৃন্দাবন গাৰ্ডেনত ২৫০ টা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক চাউল, দাইল, আটা, আলু, মিঠাতেল, নিমখ আৰু চাবোন বিতৰণ কৰে। এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই অসম আৰক্ষীয়ে৷ এই সংকটৰ সময়ত তেওঁলোকক সহায় কৰিবলৈ 'আচল' আৰু 'মুথুত ফাইনেন্স'-এ লোৱা প্ৰচেষ্টাক পৰিয়ালকেইটাই শলাগ লয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in