অপৰিকল্পিত কন্টেইমেন্ট জ’ন ঘোষণাই স্তব্ধ কৰিছে জনজীৱন, আৱৰ্জনাৰ দুৰ্গন্ধত বিপন্ন পৰিবেশ…

অপৰিকল্পিত কন্টেইমেন্ট জ’ন ঘোষণাই স্তব্ধ কৰিছে জনজীৱন, আৱৰ্জনাৰ দুৰ্গন্ধত বিপন্ন পৰিবেশ…

ডিজিটেল সংবাদ, গুৱাহাটী : মহানগৰীত কোৰোনা পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে ৫ মে'ত জিলা উপাযুক্তৰ নিৰ্দেশনা মতে মহানগৰীৰ ৱাৰ্ড নম্বৰ ২৮,১৬ আৰু ৮ৰ বৃহত এলেকাক কন্টেইন্টমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

ইয়াৰ ভিতৰত ২৮ নম্বৰ ৱাৰ্ডৰ বৰসজাইৰ অংশ, বশিষ্ঠ গ্ৰান্টৰ অংশ,বৰমটৰীয়াৰ অংশ আৰু হাতীগাও অংশ ৰ লগতে ১৬ নম্বৰ ৱাৰ্ডৰ ফটাশিল অঞ্চল,ভাস্কৰ নগৰ অঞ্চল, বৰ্ষাপাৰা অঞ্চল আৰু ধীৰেন পাৰা অঞ্চল আৰু ৮ নং ৱাৰ্ডৰ ভূতনাথ অঞ্চল,কুমাৰ পাৰা অঞ্চল,মাছখোৱা অঞ্চল ঈআৰু আঠগাও অঞ্চলৰ অংশ বিশেষক কন্টেইমেন্ট জ'ন হিচাপে ঘোষমা কৰা হৈছে ।

ইয়াৰ বিপৰীতে অঞ্চল সমূহে সামৰি লোৱা এই এলেকা বোৰৰ ২০টাৰো অধিক পথ মানুহ যান-বাহনৰ আহজাহ বন্ধ কৰি দিয়াৰ ফলত এলেকা সমূহৰ জনজীৱন বিভিন্ন প্ৰকাৰৰ সংকটৰ সন্মুখীন হৈছে ।২৮ নং ৱাৰ্ডৰ বহু বোৰ এনে পথো আছে যি বিলাকত কোৰোনা আক্ৰান্ত এলেকাত প্ৰবেশ বন্ধ কৰিবলৈ যাওতে মূল পথটোৰেই দুই মূৰে বাহ বান্ধি বন্ধ কৰি দিয়াৰ ফলত ক্ষতিগ্ৰস্থ এলেকাৰ লগতে কাষৰীয়া এলেকা সমূহৰো ৰাইজে অৱৰ্ননীয় সমস্যা ভোগ ককৰিব লগীয়া হৈছে ।

এলেকা বোৰলৈ শিশু খাদ্যৰ লগতে মানুহৰ খাদ্যৰ সংকটত সৃষ্টি হোৱাই নহয় এই এলেকাৰ আৱৰ্জনা পৌৰ নিগমৰ কৰ্মচাৰীয়ে সংগ্ৰহ কৰি নিব নোৱাৰৰ বাবে এলেকাবোৰ অতি দপৰ্গন্ধময় হৈ পৰিছে ।

তাতপৰ্যপূৰ্ণ ভাবে কন্টেইমন্্ট জ'ন বোৰত বাহ বান্ধি নটিছ মাৰি দিলেও কোনবোৰ বাসভৱনত কোভিড ৰোগী আছে তাৰ কোনো নটিছ আৰি নথোৱাৰ ফলত অঞ্চলটোৰ বাসিন্দা সকল অৱগত নহোৱাত কোৰোনাৰ সংক্ৰমন কন্টেইমেন্ট জ'নত বৃদ্ধি হোৱাৰ আশংকাহে বৃদ্ধি হৈছে ।

ইফালে অত্যাৱশকীয় সেৱাৰে জড়িত কৰ্মচাৰী সকলো আহ-যাহৰ ক্ষেত্ৰত গভীৰ সংকটত পৰিছে । এনেদৰে কন্টেইমেন্ট জ'ন ঘোষণাৰে বৃহত এলেকা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি ৰচনা কৰা পৰিবেশটোৱে আতংক বৃদ্ধি কৰিলেও মোবাইলত অতি সহজতে উপলব্ধ আৰোগ্য সেতু এপৰ তথ্যত পিছে বিসংগতি থকা পৰিলক্ষিত হৈছে ।

উদাহৰন স্বৰূপে ২৮ নং ৱাৰ্ডৰ এলেকাটোত বৃহত সংখ্যক পথ বন্ধ কৰি হাজাৰৰো অধিক পৰিয়ালৰ আহ যাহ নিষিদ্ধ কৰি দিয়া হৈছে যদিও ১১ মে'ৰ দিনটোত আৰোগ্য সেতুৰ তথ্য মতে ভেটাপাৰা,বেলতলা, হাতীগাওঁ এলেকাৰ ১০ বৰ্গকিমি এলেকাত যোৱা ২৮ দিনত কোভিড ৰোগী ৰূপে চিনাক্ত কৰা ৰোগীৰ সংখ্যা হ'ল ৩,৩৩০ টা ।

যি সময়ত কামৰূপ মহানগৰ জিলাতহে কোভিড পজিটিভ ৰোগীৰ সংখ্যা কোভিডৰ দ্বিতীয় ঢৌত ১ মে'ৰ পৰা ১০ মে পৰ্যন্ত মুঠ কোভিড ৰোগীৰ সংখ্যা ১০,২১৪ গৰাকী ।

এই হাৰত ২৮ দিনৰ হিচাপ উলিয়াই আৰোগ্য হোৱা সকলৰ সংখ্যা বাদ দিলে সেই সংখ্যাও ১০ সহস্ৰাধিকৰ অধিক নহয় । আৰোগ্য সেতুৰ তথ্যমতে বেলতলা-ভেটাপৰা সংযোগী বিষ্ণুৰাভা পথক কেন্দ্ৰ কৰি ৫ বৰ্গ কিমি হিচাপ উলিয়ালে সেই সংখ্যা যোৱা ২৮ দিনত ১,৩২৩ জন ।

সেইদৰে ২ বৰ্গ কিমি,১ বৰ্গ কিমি আৰু ৫০০ বৰ্গ মিটাৰত সেই সংখ্যা হয়গৈ ক্ৰমে ৫৯১, ১৮০ আৰু ৫৫ জন । অৰ্থাত বেলতলা ভেটাপাৰা সংযোগী বিষ্ণুৰাভা পথৰ ৫০০ বৰ্গ মিটাৰ এলেকা সহস্ৰাধিক পৰিয়ালৰ মাজত যোৱা ২৮ দিনত ৫৫ জন লোকৰ দেহতহে কোভিডৰ উপস্থিতি পোৱা গৈছে ।

ইয়াৰে একাংশ আকৌ আৰোগ্য হৈ ঘৰলৈ উভতিছে । এনে পৰিস্থিতিত যদিও এই পথৰ সৈতে সংযুক্ত হৈ থকা ১০ টাৰো অধিক উপপথৰ বিভিন্ন ঘৰত আক্ৰান্ত লোক সকল বিক্ষিপ্ত ভাবে আছে সেই ঘৰ সমূহ চিনাক্ত কৰি উপপথ,এপাৰ্টমেন্ট বা বাসভৱনক কন্টেইমেন্ট জ'ন নকৰি দুই কিমি দৈৰ্ঘ্যৰ সমগ্ৰ পথটো বন্ধ কৰি দি বৃহত সংখ্যক লোকৰ জনজীৱন স্তব্ধ কৰি দিয়া কথাই সকলোকে আচৰিত কৰি তুলিছে ।

বহু সময়ত অত্যাবশকীয় সেৱা বা বাহিৰলৈ গৈ দৰৱ আনিবলৈ যোৱা লোককো সময়ে সংয়ে একাংশ আৰক্ষীৰ লোক আৰু জিলা প্ৰশাসনৰ বুলি দাবী কৰা সাস্ক পৰিধান নকৰা একাংশ লোকৰ দুৰ্বব্যৱহাৰৰো সন্মুখীন হ'ব লগা হৈছে । সেয়ে এই ক্ষেত্ৰত শুদ্ধ পদক্ষেপ গ্ৰহন কৰি অঞ্চলটোৰ পৰিবেশ নিয়ন্ত্ৰন, আৱৰ্জনা নিস্কাষন আৰু প্ৰকৃত ৰোগীৰৰ আবাসস্থল চিহ্নিত কৰাৰ বেযৱস্থা কৰাৰ বাবে সকলোৱে দাবী জনাইছে ।আন কেইটা ৱাৰ্ড বা ২৮ নম্বৰ ৱাৰ্ডৰ কন্টেইমেন্ট জ'ন ৰূপে ঘোষণা কৰা বিভিন্ন পথতো ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে । যি ধৰনৰ পৰিবেশে এইবোৰ অঞ্চলত কোৰোনা নিয়ন্ত্ৰনৰ পৰিবৰ্তে বৃদ্ধি হোৱাৰ আশংকাহে বঢ়াইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in