গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ আধিপত্য

গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ আধিপত্য

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বেই গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে সাধাৰণ সম্পাদক পদত আছুৰ সৰ্মথিত প্ৰাৰ্থী নিলাংক কুমাৰ গোস্বামী আৰু সহ:সাধাৰণ সম্পাদক পদত দিপাংকৰ ডেকা নিৰ্বাচিত হৈছিল । তাৰ পাছতে বৃহস্পতিবাৰে গুৱাহাটী কৰ্মাচ কলেজত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হয়। ৭ টাকৈ গুৰুত্বপূৰ্ণ পদত নিজৰ আধিপত্য বিস্তাৰ কৰে এবিভিপিয়ে । বৃহস্পতিবাৰে সন্ধিয়াভাগত ঘোষণা কৰা মহাবিদ্যালয়খনৰ নিৰ্বাচনৰ ফলাফল এনেধৰনৰ-

  • সভাপতি পদত জয়ী হয়- নিলেশ লোহিয়া (এবিভিপি)
  • সাধাৰণ সম্পাদক পদত- নিলাংক কুমাৰ গোস্বামী (আছু)
  • উপ সভাপতি পদত- হৰিম কুমাৰ ৰয় (এবিভিপি)
  • সহ সাধাৰণ সম্পাদক পদত- দিপাংকৰ ডেকা (আছু)
  • সমাজসেৱা শাখাৰ সম্পাদক পদত-দেৱোত্তম নয়ন বৰা (এবিভিপি)
  • গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত- মহম্মদ আবজাদ হুচেইন মজুমদাৰ (এবিভিপি)
  • শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত- হিমাংশু দাস (এবিভিপি)
  • ছাত্ৰী জিৰণী কোঠাৰ সম্পাদিকা পদত- সৰিতা দেৱী শৰ্মা (এবিভিপি)
  • সাংস্কৃতিক শাখাৰ সম্পাদক পদত – ভাস্কৰ দত্ত (এনএছইউআই)
  • আলোচনী/সাহিত্য শাখাৰ সম্পাদিকা পদত- প্ৰতীক্ষা গোস্বামী (এবিভিপি)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in