মহানগৰীত বিশাল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ…

মহানগৰীত বিশাল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ…

ডিজিটেল ডেস্কঃ গুৱাহাটীত জব্দ বিস্ফোৰক পদাৰ্থসহ বলেৰ' পিক আপ ভান। শুকুৰবাৰে পুৱা প্ৰায় ৫ঃ৩০ বজাত গড়চুক আৰক্ষী থানাৰ এটা তহলদাৰী দলে এখন ব'লেৰ পিক আপ ভানত বিস্ফোৰক আৰু বিস্ফোৰণত ব্যৱহৃত সামগ্ৰী কঢ়িয়াই নিয়াৰ অৱস্থাত দুজনক আটক কৰে।

গড়চুক আৰক্ষীৰ তহলদাৰী দলটোৱে লখৰা চাৰিআলিৰ পৰা বৰাগাওঁ অভিমুখে তীব্ৰ গতিত যোৱা এ এছ ১৫ এ চি ৪৮৬৭ নম্বৰৰ মহিন্দ্ৰা বলেৰ'খনক পিছা কৰি গড়চুক চাৰিআলিত তেওঁলোকক আটক কৰে। ইয়াৰ পিছতে বাহনখনত তালাচী চলাওঁতে আৰক্ষীয়ে ১৩ টা মোনাত অনা এই বিশাল পৰিমাণৰ বিস্ফোৰক পদাৰ্থসহ বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা বিস্ফোৰক সামগ্ৰীসমূহৰ মাজত আছে ৪৬৬০ টা জিলেটিন ষ্টিক আৰু ২৩০০ বৈদ্যুতিক ডিটেনেটৰ। ইয়াৰ পিছতে আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে চালক আৰু আন এজন আৰোহীক আটক কৰে। আটকাধীন ব্যক্তি দুজন হৈছে অভয়াপুৰীৰ হাছেন আলীৰ পুত্ৰ আইনল আলী (২৭) আৰু জাকিৰ হুছেইনৰ পুত্ৰ ৰহিম বদশা (২৬)।

আটকাধীন ব্যক্তি দুজনে বাহনখনত বিস্ফোৰক পদাৰ্থখিনি লৈ মেঘালয়ৰ পৰা ৰাণীলৈ গৈ আছিল বুলি সন্দেহ কৰা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in