মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান, লাখটকীয়া-সোণাপুৰত প্ৰচুৰ পৰিমানৰ ড্ৰাগছ, পিষ্টল, নগদ ধন উদ্ধাৰ…

মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান, লাখটকীয়া-সোণাপুৰত প্ৰচুৰ পৰিমানৰ ড্ৰাগছ, পিষ্টল, নগদ ধন উদ্ধাৰ…
  • গুৱাহাটী মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে পুনৰ আৰক্ষী আৰু অপৰাধ শাখাৰ সফল অভিযান।
  • লাখটকীয়াৰ ডাইনেষ্টি হোটেলৰ সমীপত পাণবজাৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী।
  • তেওঁলোক ক্ৰমে- মতিউৰ ৰহমান আৰু খালিউৰ ৰহমান।
  • এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা দুটা পেকেটত থকা ২২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ।
  • আৰক্ষীয়ে ইয়াৰ উপৰিও জব্দ কৰিছে নগদ ৬৮ হাজাৰ টকা আৰু এটা ম'বাইল।
  • ইফালে, সোণাপুৰতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে আন এক অভিযান।
  • সোণাপুৰ ক্ষেত্ৰী থানাৰ যুগুকুছি আৰু টেটেলীগুৰিত ৯ পেকেট নিষিদ্ধ ব্ৰাউন ছুগাৰসহ ৪জন যুৱকক আটক।
  • এই অভিযানত আৰক্ষীয়ে এটা ৰিভ'লভাৰসহ ৫ জাঁই গুলীও উদ্ধাৰ কৰে।
  • আৰক্ষীয়ে আটক কৰা যুৱক কেইজন ক্ৰমে- ৰাণা ডেকা, অপূৰ্ণ মেধি, প্ৰদীপ ডেকা আৰু মঃ ৰফী খান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in