‘কা’ৰ বিৰুদ্ধে লতাশিলৰ পৰা চানমাৰিলৈ ‘নাৰীকন্ঠ’…

‘কা’ৰ বিৰুদ্ধে লতাশিলৰ পৰা চানমাৰিলৈ ‘নাৰীকন্ঠ’…

ডিজিটেল ডেস্কঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে দেওবাৰে ৰাজ্যপ অন্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নাৰী শক্তিয়ে। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হৈছে সহস্ৰাধিক মহিলা। লতাশিলৰ পৰা চানমাৰী লৈকে বিৰ্তকিত আইন খনৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰিব প্ৰতিবাদী মহিলা সকলে।

চানমাৰী অভিমুখে ৰাওনা হোৱা প্ৰাকমূৰ্হুতত প্ৰতিবাদী সহস্ৰাধিক মহিলাই কা নামানো, জয় আই অসম ধ্বনিৰে মুখৰিত কৰি তোলে লতাশিল খেলপথাৰ। এই প্ৰতিবাদ স্থলীত ৰাণী গোহাঁই, বৰষাৰাণী বিষয়া, গৰিমা গাৰ্গ, মনালিচা শইকীয়াকে ধৰি ভিন্নক্ষেত্ৰত সৈতে জড়িত হৈ থকা বহুকেইগৰাকী মহিলা উপস্থিত আছে। ইফালে এই প্ৰতিবাদৰ সৈতে সংগতি ৰাখি লতাশিলৰ পৰা চানমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰৰ লৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে মহানগৰ প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in