গুৱাহাটীৰ বৰঝাৰত দিন দুপৰতে দুৰ্বৃত্তই লুটিলে ধন…

গুৱাহাটীৰ বৰঝাৰত দিন দুপৰতে দুৰ্বৃত্তই লুটিলে ধন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্মাৰ্ট চিটি ঘোষিত গুৱাহাটী মহানগৰীত আৰক্ষীৰ গিজগিজাই থকাৰ মাজতে মহানগৰীৰ ব্যস্ততাপূৰ্ণ বৰঝাৰত দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে ধন । ঘটনাৰ বিৱৰণী মতে বৰঝাৰৰ ভি আই পি ৰোডৰ বৰঝাৰ শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ বেংকত নিজৰ একাউণ্টৰ ধন উলিয়াই গৃহ অভিমুখে যোৱা হৰেন চন্দ্ৰ দাসৰ পূৰ্বে খাপ পিটি থকা বাইকত অহা দুই দুৰ্বৃত্তই নগদ ৩ লাখ টকা মুহূৰ্ততে লুট কৰি নিয়ে ।

ভুক্তভোগী ব্যক্তি হৰেন দাসে নিজৰ কন্যাৰ বিয়াৰ বাবে বেংকত জমা ৰাখি থোৱা ধনখিনি সংগ্ৰহ কৰি উভতি ঘৰলৈ যাবলৈ লওঁতেই এই দুষ্কাৰ্য সংঘটিত কৰে দুৰ্বৃত্তই । ইফালে ভুক্তভোগী হৰেন চন্দ্ৰ দাস দীপৰ বিল চৰ্কদৌ হিচাপে কৰ্মৰত ।

আনহাতে মুখত কাপোৰ মেৰিয়াই অহা দুৰ্বৃত্তই ধন লুট কৰি নিয়াৰ পিছতে হৈ চৈ কৰে যদিও প্ৰচণ্ডবেগত দুই দুৰ্বৃত্তই পলাই যায়। ঘটনা সন্দৰ্ভত লগে লগে ভুক্তভোগী লোক হৰেন দাসে বৰঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সম্প্ৰতি আৰক্ষীয়ে দুই দুৰ্বৃত্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in