দিন-দুপৰতে কেমেৰাৰ সন্মুখত গুৱাহাটীত বাইক লৈ উধাও দুই চোৰ, VIDEO

দিন-দুপৰতে কেমেৰাৰ সন্মুখত গুৱাহাটীত বাইক লৈ উধাও দুই চোৰ, VIDEO

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়চোৱাত গুৱাহাটীত বিশেষ কোনো অপৰাধজনক কাৰ্য সংঘটিত হোৱা নাছিল যদিও বুধবাৰে দিন দুপৰতে চোৰে এখন বাইক লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, গুৱহাটীৰ বেলতলাৰ বশিষ্ঠপুৰৰ পৰা বুধবাৰে দিনৰ প্ৰায় ৩ বজাত দুজন যুৱকে নীলা ৰঙৰ এখন পালচাৰ বাইক লৈ উধাও হয়।

ড০ ভৱেন্দ্ৰ নাখ শইকীয়া পথৰ পৰা দুই যুৱকে অতি কৌশলেৰে কম সময়ৰ ভিতৰতে বাইক লৈ সেই স্থান ত্যাগ কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টিভিৰ কেমেৰাত। চুৰি হোৱা বাইকখনৰ নম্বৰ AS-01-DB8748। বাইকখনৰ গৰাকী মুছাদ্দিক হুচেইনে জনায় যে, কিছু সময়ৰ কাৰণে বাইকখন সেই স্থানত ৰখা হৈছিল। সেই সময়তে চোৰে বাইকখন লৈ সেই স্থানৰ পৰা উধাও হয়।

ইতিমধ্যে বাইকৰ গৰাকীয়ে হাতীগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। চুৰি হোৱা স্থানত উপস্থিত হৈ চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ভিডিঅ'টোঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in