দেৱী বিসৰ্জনৰ বাবে সাজু গুৱাহাটীৰ ৭টা ঘাট, কিছু স্থানত ব্যাপক যান-যটঁ, VIDEO

দেৱী বিসৰ্জনৰ বাবে সাজু গুৱাহাটীৰ ৭টা ঘাট, কিছু স্থানত ব্যাপক যান-যটঁ, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে আজি বিজয়া দশমীৰ উছাহ। ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে বিসৰ্জন দিয়া হ'ব দেৱী প্ৰতিমা। দুখৰ মাজতেই দেৱীক আনন্দ মনেৰে বিদায় দিবলৈ সাজু হৈছে সকলো। বিজয়া দশমী উপলক্ষে গুৱাহাটীত দেৱী বিসৰ্জনৰ বাবে সাজু কৰা হৈছে ৭টা ঘাট। প্ৰায় ৪৯০খন পূজাৰ দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব গুৱাহাটীত। মহানগৰ প্ৰশাসনে কাছমাৰী ঘাট আৰু পাণ্ডু প'ৰ্টত কৰিছে বিশেষ ব্যৱস্থা।

ইফালে বিজয়া দশমী উপলক্ষে মহানগৰীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীৰ যান–বাহন শাখাই। বি বৰুৱা ৰোডত সাধাৰণ বাহনৰ প্ৰৱেশ নিষিদ্ধ।চানমাৰিৰ পৰা জালুকবাৰীমুখী সাধাৰণ বাহন এম চি ৰোডৰ পৰিৱৰ্তে জিএনবি ৰোডেৰে যাব লাগিব। জিএনবি ৰোডৰ পৰা আৰ বি আই পইণ্ট হৈ এটি ৰোডেৰে জালুকাবাৰীলৈ যাব লাগিব বাহনসমূহ।

ফটাশিল আমবাৰী আৰু ভৰলুমুখৰ পৰা অহা সাধাৰণ বাহন এ টি ৰোড আৰু বি জি ৰোডেৰে পাণ্ডুলৈ যাব লাগিব। জি এন বি আৰু কে এন বি পথেৰে অহা সাধাৰণ লোকৰ বাহনসমূহ জিলা পুথিভঁৰাল, সন্দিকৈ কলেজৰ সন্মুখেৰে যাব নোৱাৰিব।

জালুকবাৰী আৰু ভৰলুমুখৰ পৰা চানমাৰি, নুনমাটি আৰু দিছপুৰলৈ অহা সকলো সাধাৰণ লোকৰ বাহন এম জি ৰোডৰ এপল' পইণ্টত দিশ সলাই টি আৰ পি ৰোডেৰে যাব লাগিব। টি আৰ পি পথৰ পৰা এইচ বি পথ অথবা এ টি ৰোডেৰে বাহনসমূহ গন্তব্য স্থানলৈ যাব লাগিব। উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো বাহন তৈবুল্লা পথ হৈ এম জি ৰোডেৰে যাব লাগিব।

  • প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে পথ নিৰ্দেশনা
  • চানমাৰিৰ পৰা অহা বাহন টি চি পইণ্ট হৈ এম চি ৰোড আৰু এম জি ৰোডেৰে যাব লাগিব।
  • টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ দিশে
  • লালগণেশৰ দিশৰ বাহন বি কে কাকতি পথ, জি এছ ৰোড, পল্টনবজাৰ, পাণবজাৰ উৰণীয়া সেতু, এম এল এন পথ আৰু এম জি ৰোডেৰে যাব লাগিব।
  • এ কে আজাদ পথেৰে নেপালী মন্দিৰ হৈ পাণবজাৰ উৰণীয়া সেতুৰে এম এন নেহৰু পথ অথবা এম জি ৰোডেৰে যাব পাৰিব বাহনসমূহ।
  • কুমাৰপাৰা, আঠগাঁও আৰু ফটাশিলৰ দিশৰ বাহন এ টি ৰোড, টি আৰ পি ৰোড, কেডাৰ ৰোড আৰু এম জি ৰোড হৈ যাব লাগিব।
  • ৰাজগড়, ভঙাগড়, খ্ৰীষ্টানবস্তিৰ দিশৰ বাহন জি এছ ৰোড, ভঙাগড়, ৰাজগড় পথ, আৰ জি বৰুৱা পথ, এম আৰ দেৱান পথ, গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড অথবা এম জি ৰোডেৰে যাব লাগিব।
  • গণেশগুৰি, দিশপুৰ, কাহিলীপাৰাৰ দিশৰ বাহন গণেশগুৰি হৈ আৰ জি বৰুৱা ৰোড, এম আৰ দেৱান পথ, গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোডেৰে যাব লাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in