গুৱাহাটীৰ ভাস্কৰনগৰত আৰক্ষীৰ অভিযান, ৯১ জন সন্দেহজনক লোকক আটক…

গুৱাহাটীৰ ভাস্কৰনগৰত আৰক্ষীৰ অভিযান, ৯১ জন সন্দেহজনক লোকক আটক…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীত দিনক-দিনে বৃদ্ধি হোৱা অপৰাধমূলক ঘটনা প্ৰতিৰোধৰ বাবে শেহতীয়াকৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। মঙলবাৰে পুৱা মহানগৰীৰ ভাস্কৰ নগৰৰ মৈলা টেংকীত ভাড়াতীয়া হিচাপে বাস কৰা কিছু সন্দেহজনক লোকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে। বহুদিনৰে পৰা এই অঞ্চলত বাস কৰা ভাড়াতীয়া সকলৰ পৰিচয়ৰ সন্দৰ্ভত কিছু নথি থানাত জমা দিবলৈ বাৰম্বাৰ কোৱাৰ পাছতো ভাড়াতীয়া সকলে আৰক্ষীক কোনো সহযোগিতা নকৰাৰ বাবে মঙলবাৰে প্ৰায় ৯১ জন লোকক আটক কৰে আৰক্ষীয়ে। চানমাৰী আৰু গীতা নগৰ আৰক্ষীৰ যুটীয়া অভিযানত ভাড়াতীয়াৰ লগতে আটক কৰা হৈছিল এই প্ৰক্ৰিয়াত সহযোগ নকৰা ভাড়াঘৰ সমূহৰ কেইবাজনো মালিককো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক চানমাৰী আৰক্ষী থানাৰ এজন বিষয়াই জনাই যে- বহুদিনৰে এই লোকসকলক ওপৰত চকু ৰাখিছিলো । মহানগৰৰ সংঘটিত হোৱা অপৰাধমূলক ঘটনাত এনে লোকসকলেই জড়িত হোৱাৰ অভিযোগো বহুসময়ত উত্থাপিত হয়। সেয়েহে তেওলোকৰ পৰিচয়ৰ সন্দৰ্ভত এখন নথি থানাত জমা কৰিবলৈ কোৱা হৈছিল যদিও তেওলোকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে আজি পুৱাই আমি ৯১ জন লোকক আটক কৰো। চানমাৰি আৰক্ষীয়ে আটক কৰা ৯১জনৰ ৭৬জনক সোধা–পোছা কৰাৰ পিছত মুকলি কৰি দিয়ে। ১৫জনক আৰু অধিক সোধা–পোছাৰ বাবে ৰাখি থোৱা হৈছে।

ইফালে আটক হোৱা একাংশৰ পৰিয়ালে দাবী কৰিছে যে, তেওলোক ভাস্কৰ নগৰৰ স্থায়ী বাসিন্দা। তৎসত্বেও আৰক্ষীয়ে তেওলোকক কিয় গ্ৰেপ্তাৰ কৰিলে সেয়া এক প্ৰশ্নৰ বিষয়। আৰক্ষীয়ে জনাইছে যে, মহানগৰীৰ এনে বহু অঞ্চল আছে, যিবোৰ অঞ্চলত বহু সন্দেহজনক লোকে বাহৰ পাতিছে। দুৰ্গা পূজাৰ আগত এই সকলো স্থানত অভিযান চলোৱা হব বুলি জনায় চানমাৰী আৰক্ষী থানাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in