ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা…

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পৰিচিত ৰেষ্টুৰেণ্ট পিয়াজ্জাক (PIAZZA) সন্মানিত কৰা হয় 'বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট' সন্মানেৰে। দিল্লীৰ জে ডব্লিউ মেৰিঅ'টত আয়োজিত ৯ সংখ্যক এনুৱেল ইণ্ডিয়ান ৰেষ্টুৰেন্স কংগ্ৰেছ-২০১৯ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় গুৱাহাটীৰ পিয়াজ্জা ৰেষ্টুৰেন্টখনক।

উল্লেখ্য যে, এই আধুনিক ইউৰোপিয়ান ৰেষ্টুৰেন্টখনৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৮চনত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সুস্বাদু বেঞ্জনসমূহ গুৱাহাটী মহানগৰীতেই গ্ৰাহকক উপলব্ধ কৰাৰ পৰিকল্পনাৰে পিয়াজ্জাই আৰম্ভ কৰিছিল এই যাত্ৰাৰ। ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ শ্যাম জাজুৱে পিয়াজ্জাৰ প্ৰ'ম'টাৰ বিনয় চমৰীয়া আৰু পৰিচালক ৰাজৰ্ষি পাঠকক প্ৰদান কৰে এই বঁটা।

উক্ত অনুষ্ঠানত এই সফলতাৰ সন্দৰ্ভত উল্লেখ কৰি বিনয় চমৰীয়াই কয়- 'আমাৰ এই সফলতাৰ আঁৰত আছে প্ৰতিগৰাকী গ্ৰাহক আৰু আমাৰ ৰেষ্টুৰেন্টত কাম কৰা কৰ্মচাৰীসকল। তেওঁলোকে আমাৰ ৰেষ্টুৰেন্টখনৰ সৈতে আৰম্ভণিৰে পৰা জড়িত হৈ আছে।'

তেওঁলগতে কয় যে- 'ইণ্ডিয়া ৰেষ্টুৰেন্ট এৱাৰ্ড ২০১৯ত এনে এখন মঞ্চ য'ত নতুন পৰিকল্পনাৰেব্যৱসায় আৰম্ভ কৰা আৰু ব্যৱসায়িক প্ৰত্যাহ্বানসমূহক সফলতাৰে সমাধান কৰা ব্যৱসায়ীসকলকসন্মানিত কৰা হয়।' ইফালে, পৰিচালক ৰাজৰ্ষি পাঠকে বঁটা গ্ৰহণ কৰাৰ পাছত অসমতশীঘ্ৰেই দ্বিতীয়খন প্ৰতিষ্ঠানৰ ঘোষণা কৰাৰো ইংগিত দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in