এবছৰীয়া সন্তানৰ বাবে খাদ্য সামগ্ৰী আনিবলৈ গৈ মৃত্যুক সাৱটি ল’লে গুৱাহাটীৰ এগৰাকী প্ৰবক্তাই…

এবছৰীয়া সন্তানৰ বাবে খাদ্য সামগ্ৰী আনিবলৈ গৈ মৃত্যুক সাৱটি ল’লে গুৱাহাটীৰ এগৰাকী প্ৰবক্তাই…
  • বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ডায়েৰীগেটত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
  • দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল'লে এগৰাকী প্ৰবক্তাৰ।
  • ৰুণজুন দুৱৰা নামৰ কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তাগৰাকীয়ে নিজৰ স্কুটীৰে গৈ থকা অৱস্হাত মহতিয়াই নিয়ে এখন দ্ৰুতবেগী ট্ৰাকে।
  • দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখন তীব্ৰ বেগেৰে খানাপাৰা অভিমুখে পলায়ন কৰে ৷
  • দিছপুৰ যান বাহন আৰক্ষীয়ে বাহনখনৰ সন্ধানত অভিযান চলাই যদিও কোনো ধৰনৰ সন্ধান উলিায়াব নোৱাৰিলে৷
  • এবছৰীয়া সন্তানক কেয়াৰটেকাৰৰ সৈতে ঘৰত থৈ খাদ্য সামগ্ৰী আনিবলৈ ওলাই গৈছিল ৰুণজুন।
  • উল্লেখযোগ্য ২৬ জানুৱাৰীত এবছৰ সম্পূৰ্ণ হৈছিল ৰুণজুণৰ কণমানি পুত্ৰৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in