আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নৱ বৰ্ষৰ উপহাৰ, এতিয়াৰে পৰা দৈনিক শ্ৰোতাই শুনিবলৈ পাব নাটক, VIDEO

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নৱ বৰ্ষৰ উপহাৰ, এতিয়াৰে পৰা দৈনিক শ্ৰোতাই শুনিবলৈ পাব নাটক, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ এতিয়াৰে পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শ্ৰোতাসকলে নিতৌ ল'ব পাৰিব নাটকৰ সোৱাদ। প্ৰতিদিনে একোখনকৈ নতুন নাটক প্ৰচাৰ কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰই। ১ ডিচেম্বৰৰ পৰাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এফ এম মহাবাহুযোগে সূচনা হ'ব এই নতুন যাত্ৰাৰ। মঙলবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱাই এখন সংবাদমেলযোগে এই কথা সদৰি কৰে। তেখেতে লগতে কয় যে, আকাশবাণী গুৱাহাটীৰ যোৱা ৭২ বছৰীয়া ইতিহাসত ই এক নতুন প্ৰয়াস। আমি চেষ্টা কৰিছো নতুন নাট্যকাৰসকলক অনুপ্ৰেৰণা দিবলৈ। ইয়াৰ লগতে নিতৌ নতুন নাটৰ প্ৰচাৰৰ ব্যৱস্থাই পুৰণি শ্ৰোতাসকলৰ লগতে নতুন শ্ৰোতাসকলকো আনন্দিত আৰু লাভাৱান্বিত কৰিব বুলি আমাৰ বিশ্বাস।

কেন্দ্ৰ সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ১ জানুৱাৰীত প্ৰথমখন নাট 'জাল'ৰ প্ৰচাৰ আৰম্ভ হৈ দেওবাৰে সমাপ্ত হ'ব। সেইদিনাই দিনৰ ১১ বজাত সম্পূৰ্ণ নাটকখন প্ৰচাৰ কৰা হ'ব। তাৰ পিছৰে পৰা পৰিকল্পনা অনুসৰি সোমবাৰৰ পৰা প্ৰতিখন নাটকৰ প্ৰচাৰ আৰম্ভ হ'ব। উল্লেখ্য যে, বছৰটোৰ ৫২ মাহেই নতুন নাটক প্ৰচাৰ হোৱাৰ লগতে ৭৫ শতাংশ নাটক লিখিছে নতুন নাট্যকাৰে।

নতুন নাট্যকাৰক এইকাৰ্যৰে জড়িত কৰাৰ কথা উল্লেখ কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱাই কয়, নতুন প্ৰতিভাক আদৰি প্ৰতিপালন কৰাটো আমাৰ দায়িত্ব। নাট শাখাই পৰিকল্পনা অনুসৰি সেই দায়িত্ব পালন কৰিব। উল্লেখ্য যে, জানুৱাৰী মাহত যুৱ নাট্যকাৰ বিকাশ ডেকাৰ 'জাল', প্ৰশান্ত মেনাৰ 'এটা কুকুৰ এজন মানুহ', বহ্নিশিখা বৰাৰ 'কাঁইটৰ ফুল' আৰু নৰেন পাটগিৰীৰ 'এজন সেউজীয়া মানুহ' প্ৰচাৰ কৰা হ'ব। নাটকৰ এই প্ৰচাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এফ এম মহাবাহুৰযোগে শুনিবলৈ পোৱাৰ লগতে মিডিয়াম ৱে'ভৰ ৪১১.৫ মিটাৰতো শুনিবলৈ পোৱা যাব।

নাটশালা নাম ৰখা এই অনুষ্ঠানত প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰ লৈকে প্ৰতিদিনে পুৱা ৯.১৫ বজাৰ পৰা ৯.৩০ বজালৈ নাট প্ৰচাৰ কৰা হ'ব। নাটশালাৰ বাবে সংগীত পৰিচালক অনুপম চৌধুৰীয়ে 'সূচনা-সঙ্গীত' নামেৰে এটা শ্ৰুতিমধুৰ সংগীতো সংৰচনা কৰিছে। এই অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসৰ। দাসে মঙলবাৰে এই কাৰ্যৰ কথা উল্লেখ কৰি কয়, আমি পৰিকল্পনা কৰা এই কাৰ্যৰ দ্বাৰা এচাম নতুন নাট্যকাৰৰ প্ৰৱেশ ঘটাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৭৫ শতাংশ যুৱ নাট্যকাৰে আমাক নাটক দিছে। বহুদিনৰ পিছত নাটকৰ ক্ষেত্ৰখনত এক আন্দোলনৰ সূচনা হ'ব। নাটক শুনি শ্ৰোতাসকল ওলাই অহাৰ লগতে নতুন অভিনেতা-অভিনেত্ৰীৰো সৃষ্টি হ'ব বুলি অনুমান কৰিব পাৰি।

ইয়াৰ উপৰিও আকাশবাণী গুৱাহাটী কেন্দ্ৰই নতুন বছৰত এখন নতুন উপন্যাস প্ৰচাৰৰ কাৰ্য আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। সদৰি কৰা অনুসৰি ঔপন্যাসিক মৃণাল কলিতাৰ 'বকুল ফুলৰ দৰে' উপন্যাসখনি ৭ জানুৱাৰীৰ পৰা ধাৰাবাহিক ৰূপত প্ৰচাৰ হ'ব। প্ৰতি মঙলবাৰে পুৱা ৭.৩৫ বজাত প্ৰথম প্ৰচাৰ আৰু প্ৰতি দেওবাৰে পুৱা ১০.৩০ বজাত বিবিধ ভাৰতী, গুৱাহাটীযোগে ইয়াৰ পুনৰ প্ৰচাৰ হ'ব।

উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। ডঃ লীলা গগৈৰ উপন্যাস 'নৈ বৈ যায়' বৰ্তমানে প্ৰতি শুকুৰবাৰে নিশা ৯ বজা আৰু শনিবাৰে পুৱা ৭.৩৫ বজাত প্ৰচাৰ হৈ আছে। ইয়াৰ পাঠ আগবঢ়াইছে ঋতুপৰ্ণ দাস আৰু স্নিগ্ধা গগৈয়ে। পহিলা জানুৱাৰীৰ পৰা অসমৰ লোকগীতমূলক আলেখ্যৰ এটি অনুষ্ঠান 'অসমা-সুষমা' এফ এম মহাবাহুযোগে প্ৰতি পুৱা ৬.৩০ বজাৰ পৰা প্ৰচাৰ হ'ব। কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱাই লগতে কয় যে, আকাশবাণীয়ে আয়োজন কৰা 'সৰ্বভাষা কবি সন্মিলন'লৈ এইবাৰ অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ৰাজীৱ বৰা আৰু বড়ো ভাষাক প্ৰতিনিধিত্ব কৰি কবি ধনশিৰি স্বৰ্গীয়াৰী নিৰ্বাচিত হৈছে।

ইফালে এই সংবাদমেলখনত কেন্দ্ৰ সঞ্চালকগৰাকীৰ লগতে উপস্থিত থাকে সহকাৰী সঞ্চালক চক্ৰধৰ বড়ো আৰু সহকাৰী অনুষ্ঠান কাৰ্যবাহী ভাষ্কৰজ্যোতি বৰুৱা। সংবাদমেলৰ অন্তত সদ্য প্ৰয়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। লগতে নিশাৰ ভাগলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ৰত্ন ওজাক সুঁৱৰি এক অনুষ্ঠানো সম্প্ৰচাৰ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in