আনুষ্ঠানিকভাৱে আদানিৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ…

আনুষ্ঠানিকভাৱে আদানিৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ…

ডিজিটেল ডেস্কঃ ৮ অক্টোবৰ শুকুৰবাৰে গুৱাহাটীৰ লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আদানি গ্ৰুপক আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰা হয়। বিমানবন্দৰটোৰ অভিযান, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব এতিয়াৰে পৰা আদানি গ্ৰুপৰ হাতলৈ গ'ল।

উত্তৰ-পূবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ সাংকেতিক চাবি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সঞ্চালক ৰমেশ কুমাৰে উৎপল বৰুৱাক হস্তান্তৰ কৰে। উৎপল বৰুৱা নতুন বিমানবন্দৰ অপাৰেটৰৰ মুখ্য বিমানবন্দৰ বিষয়া ।

উল্লেখ্য যে ভাৰত চৰকাৰে ২০১৮ চনত দেশৰ ৬ টা বিমানবন্দৰ ৫০ বছৰৰ বাবে ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গুৱাহাটী বৰঝাৰস্থিত লোক প্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ উপৰিও আন কেইটা বিমানবন্দৰ আছিল ক্ৰমে- আহমেদাবাদ, লক্ষ্ণৌ, মাংগালোৰ, জয়পুৰ আৰু তিৰুৱন্তপুৰম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in