গুৱাহাটীৰ আঠগাঁৱৰ পৰা যুৱতী সন্ধানহীন

গুৱাহাটীৰ আঠগাঁৱৰ পৰা যুৱতী সন্ধানহীন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত আঠগাৱঁৰ পৰা এগৰাকী যুৱতী সন্ধানহীন হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আঠগাঁৱৰ য়ুক্তা প্ৰজাপতি নামৰ ২১ বছৰীয়া যুৱতী গৰাকীয়ে ৯ আগষ্টৰ দিনা টিউচনলৈ আহি ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে ওচৰে-পাজৰে বিচাৰ খোচাৰ কৰে।

ইফালে এই বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত পৰিয়ালৰ লোকৰ লগতে যুৱতী গৰাকীৰ পিতৃয়ে ভৰলুমুখ আৰক্ষী থানাক অৱগত কৰে। চুৰিদাৰ পৰিহিত মিঠা বৰণৰ যুৱতী গৰাকীৰ কোনো সম্ভেদ লাভ কৰিলে কোনো সদাশয় লোকে ততালিকে ভৰলুমুখ আৰক্ষী থানা অথবা যুৱতীৰ পিতৃক ৬৯০০২৩৯২২২ আৰু ৬৮০০৪৪২৫১৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in