নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল।
  • বিধেয়কখনৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।
  • কামৰূপ (মহানগৰ) জিলা আছুৰ নেতৃত্বত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।
  • জোঁৰ সমদলত অংশ লৈ আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কোনো কাৰণতে বিধেয়কখন গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে।
  • তেওঁ লগতে কয়, কেন্দ্ৰীয় চৰকাৰে অসমবাসীৰ কথাৰ প্ৰতি গুৰুত্ব দিয়া নাই।
  • অসমবাসীয়ে বিৰোধ কৰাৰ স্বত্বেও বিধেয়কখন জাপি দি চৰকাৰে অসমবাসীৰ আন্দোলনক উপলুঙা কৰা বুলিও মন্তব্য কৰে।
  • ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, অসমৰ ক্ষতি কৰিব পৰা কাম আছুৱে সমৰ্থন নকৰে।
  • আমি চৰকাৰৰ জনবিৰোধী কামৰ বিৰুদ্ধে যুঁজ কৰি যাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in