শেহতীয়া খবৰ
গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...

শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ… VIDEO

141

ডিজিটেল সংবাদ, গুৱাহাটীঃ আহাৰ মাহৰ পূৰ্ণিমা অৰ্থাৎ অহা ৫ জুলাইৰ দিনটোক শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ হিচাপে পালন কৰিবলৈ যো-জা চলাইছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ অধীনস্থ সংস্থা শিশু শিক্ষা সমিতি, অসমে। এই অনুযায়ী সেইদিনা সন্ধিয়া ৬.৩০ বজাত কোৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিজ নিজ ঘৰতে গুৰু বন্দনা কৰিবলৈ শিক্ষাৰ সৈতে জড়িত অসমৰ আগশাৰীৰ সংস্থা “শিশু শিক্ষা সমিতি, অসমৰ” সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আহ্বান জনাইছে।

শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ উপলক্ষে সেইদিনা শিশু শিক্ষা সমিতিৰ কাৰ্যকৰ্তা সকলৰ লগতে সমিতিয়ে পৰিচালনা কৰি অহা ৰাজ্যৰ প্ৰতিখন শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰুি ছাত্ৰ-ছাত্ৰীসকলে গুৰু বন্দনা কাৰ্যসূচীত ভাগ ল’ব বুলি শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনাইছে। সমিতিৰ তৰফৰ পৰা গুৰু বন্দনা কৰাৰ সময়ত নিজ ঘৰতে কৰিলেও পৰস্পৰৰ মাজত অতি কমেও ১ মিটাৰৰ ব্যৱধান ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।

‘শব্দই ব্ৰহ্ম’ আৰু ‘গুৰুৱেই শক্তি, গুৰুৱেই ভক্তি, গুৰু বিনে নাই গতি’ বুলি উল্লেখ কৰি শিশু শিক্ষা সমিতিয়ে সেইদিনা ১১বাৰ ঔঁ ব্ৰহ্মনা দেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰণাম আৰু গুৰু বন্দনা আৰম্ভ কৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ‘মুক্তিত নিস্পৃহ যিটো’ শীৰ্ষক ভগৱৎ বন্দনাৰে গুৰুৰ কৃপা লাভেৰে বৰ্তমানৰ বৈশ্বিক মহামাৰীৰ পৰা মানৱ সমাজক মুক্ত কৰিবলৈ সকলোকে প্ৰাৰ্থনা জনাবলৈ শিশু শিক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আহ্বান জনাইছে।

উল্লেখ্য যে, ভাৰতীয় দৰ্শনত যুগ যুগ ধৰি শব্দক ব্ৰহ্ম আখ্যা দি অহা হৈছে। সৃষ্টিৰ পাতনিও শব্দৰ দ্বাৰাই হৈছে। ঔঁ হৈছে আদি শব্দ। নাদব্ৰহ্ম স্বৰূপ এই ঔঁ ভক্তিসহকাৰে উচ্চাৰণ কৰিলে সৃষ্টি গুৰু ব্ৰহ্মা, পালন গুৰু বিষ্ণু আৰু সংহাৰ গুৰু মহেশ্বৰ তিনিওৰে সন্মিলিত উপাসনা কৰা হোৱাৰ লগতে ই প্ৰতিজনৰে মনক নতুন শক্তি প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি