নগাঁও মহাবিদ্যালয়ত ‘গুৰু প্ৰণাম’ প্ৰাক্তন শিক্ষাৰ্থীৰ

নগাঁও মহাবিদ্যালয়ত ‘গুৰু প্ৰণাম’ প্ৰাক্তন শিক্ষাৰ্থীৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ আজি তৃতীয়া দিনা অনুষ্ঠিত হয় 'গুৰু প্ৰণাম' শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। গুৰু-শিষ্যাৰ পৱিত্ৰ সম্পৰ্ক উন্মোচিত কৰা এই অনুষ্ঠানটোৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ন-পুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অসংখ্যাজন।

অভিনন্দা মান্না আৰু দৰথি বৰদলৈৰ গুৰু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। উদ্বোধনী ভাষণত মহন্তই প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত গুৰু আৰু শিষ্যাৰ মধুৰ সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰতিষ্ঠাকালৰে পৰা মহাবিদ্যালয়খনে সমগ্ৰ মধ্য অসমত জ্ঞানৰ বন্তি জ্বলাই আহিছে বুলি মন্তব্য কৰে। অনাগত দিনসমূহত মহাবিদ্যালয়খন বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'বলৈ সমৰ্থ হ'ব বুলিও আশা প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ কমল গোস্বামীয়ে মহাবিদ্যালয়খনৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰা মতিৰাম বৰা, সূৰ্যকুমাৰ ভূঞা, হলধৰ ভূঞা, মহিচন্দ্ৰ বৰা, প্ৰতাপ চন্দ্ৰ শৰ্মা, পূৰ্ণ চন্দ্ৰ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, মহেশচন্দ্ৰ দেৱ গোস্বামী আদি বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিচাৰণ কৰে।

বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মহাবিদ্যালয়খনক কেৱল নগাঁৱৰে নহয় সমগ্ৰ অসমৰে এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় বুলি অভিহিত কৰি অধ্যাপনা কৰা দিনৰ কথা সোঁৱৰে। জ্যেষ্ঠ সাংবাদিক তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰকাশ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত গুৰু প্ৰণাম অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ৪৭ গৰাকী অধ্যাপক-অধ্যাপিকাক গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে স্মৃতি ৰোমন্থন কৰি কয় যে প্ৰাক্তন উপাধ্যক্ষ কমল গোস্বামীৰ আশীষ আৰু সহায় নোপোৱা হ'লে তেওঁৰ শিক্ষা জীৱন সম্পূৰ্ণ নহ'লহেতেন।

'প্ৰাক্তন উপাধ্যক্ষ কমল গোস্বামীৰ বাসভৱনত মোৰ শৈশৱ কালৰ বহু সময় পাৰ হৈছে। পঞ্চম শ্ৰেণীত থাকোতেই নগাঁও মহাবিদ্যালয়ৰ চোতালত থিয় হৈছো। কলেজীয়া জীৱন আৰম্ভ কৰাৰ লগে লগে অসমত বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হ'ল। এই আন্দোলনৰ প্ৰাণ কেন্দ্ৰ আছিল এইখন মহাবিদ্যালয়। সেই সময়ত যদি কমল গোস্বামী, বিপুল কটকীৰ দৰে ব্যক্তিৰ সান্নিধ্য নাপালোহেতেন তেন্তে মোৰ সামাজিক ভেটিয়েই গঢ় লৈ নুঠিলহেতেন।'-এইদৰে কয় জ্যেষ্ঠ সাংবাদিক মহন্তই। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in