বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকালৈ কপিলী বঁটা-২০১৮

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকালৈ কপিলী বঁটা-২০১৮

ডিজিটেল সংবাদ, কামপুৰঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকালৈ আগবঢ়োৱা হৈছে কপিলী বঁটা-২০১৮। কামপুৰ সামাজিক সংস্কৃতিক অনুষ্ঠান 'আৰোহন'-এ ২০তম একাংক নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানত শিল্পীজনক এই বঁটা প্ৰদান কৰে। 'সংগ্ৰামৰ যদি কিবা নাম আছে; কিবা যদি অৰ্থ আছে তেনেহ'লে সেইটো আমাৰ লগত ওতঃপ্ৰতঃভাৱে জড়িত।' -এইয়া এজন শিল্পীৰ মন্তব্য।গোটেই জীৱন অসমীয়া ছবি জগতৰ সৈতে জড়িত থকা চলচ্চিত্ৰ নিৰ্মাতা গুনসিন্ধু হাজৰিকাই নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে এইদৰে মন্তব্য কৰে।

বাল্যকালৰ পৰা দুখ-কষ্টৰ লগত সংগ্ৰাম কৰি অহা শিল্পজনে মন্তব্য কৰিলে 'লাইফ ইজ ষ্টা গ'ল, ষ্ট্ৰাগ'ল ইজ লাইফ'। ৩৬ বছৰৰ আগতে নিজৰ চকুজুৰি হেৰুওৱা শিল্লীজনে এটা দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছে। চৰকাৰৰ পৰা পোৱা সামান্য চৰকাৰী পেঞ্চনৰে চলি থকা বুলি জনালে শিল্পীজনে। আন কোনো সহাঁৰি নাই পোৱা বুলি মন্তব্য কৰিলে শিল্পীজনে।

বিশিষ্ট চলচ্ছিত্ৰ পৰিচালকজনে শনিবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ 'আৰোহন' নামৰ সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে আগবঢ়োৱা 'কপিলী বঁটা-২০১৮' গ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে। উল্লেখ্য যে, ৭০ৰ দশকৰ অসমৰ চলচ্ছিত্ৰ ইতিহাসৰ এটি চিনাকী নাম গুনসিন্ধু হাজৰিকা। ১৯৮১ চনত 'নয়নমনি' কথাছৱি নিৰ্মাণৰ সময়ত তেওঁ নয়নজুৰিকে হেৰুৱাবলগা হৈছিল। এক দুৰ্বিসহ জীৱন কটাই আহিছিল গুণসিন্ধু হাজৰিকাই।

৬০ দশকত মায়ানগৰী মুম্বাইত ৰাজকাপুৰৰ এখন চিনেমাত স্পট বয় হিচাবে চিনেমা জগতত খোজ দিয়া গুণসিন্ধু হাজৰিকাই 'নয়ণমনি', 'তৰামাই', 'অবুজ বেদনা'ৰ দৰে কথাছবি নিৰ্মান কৰি খ্যাতি বুটলিবলৈ সক্ষম হৈছিল। নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰাত জন্মগ্ৰহণ কৰা এইজন শিল্পীক কামপুৰ অঞ্চলৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান 'আৰোহন'-এ 'কপিলী বঁটা-২০১৮' প্ৰদান কৰে। বঁটা গ্ৰহণ কৰি নিজৰ জন্ম ঠাইৰ ৰাইজে তেওঁক এই সন্মান দিয়াৰ বাবে তেওঁ সুখী বুলি মত ব্যক্ত কৰে। কুকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰলৈকো তেওঁ সমবেদনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in