সাহিত্যাচাৰ্য-ভাষাচাৰ্য গোলোক চন্দ্ৰ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

সাহিত্যাচাৰ্য-ভাষাচাৰ্য গোলোক চন্দ্ৰ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাহিত্যাচাৰ্য-ভাষাচাৰ্য, প্ৰসিদ্ধ ভাষা বিজ্ঞানী ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ শুকুৰবাৰে ৯৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমুখ্যে বিষয়া-কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰে। শোক সভা অনুষ্ঠিত কৰি ডঃ গোস্বামীৰ মৃত্যুত এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে পৰিষদে মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

তীব্ৰ জাতি প্ৰেম আৰু ভাষা প্ৰীতিৰ বাবেই আজীৱন মাতৃভাষাৰ উৎকৰ্ষ সাধনত ব্ৰতী ডঃ গোস্বামীৰ মৃত্যুত অসমে এগৰাকী পথিকৃত ভাষা বিজ্ঞানীয়েই নহয় অসম হিতৈষী পুৰুষো হেৰুৱালে বুলি শোকসভাত উপস্থিত অসম প্ৰকাশন পৰিষদৰ বিষয়ববীয়াসকলে মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in