কাছাৰত পৰিত্যক্ত ঘৰৰ পৰা ৫ শতাধিক সজীৱ গুলী উদ্ধাৰ…

কাছাৰত পৰিত্যক্ত ঘৰৰ পৰা ৫ শতাধিক সজীৱ গুলী উদ্ধাৰ…

ডিজিটেল সংবাদ, শিলচৰঃ অসম ৰাইফলছৰ এএলএফএ চিঅ'ৱাই ৩৭ নং বেটেলিয়ানে অভিযান চলাই বুধবাৰে কাছাৰৰ পৰা বিশাল পৰিমাণৰ সজীব গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মেজৰ পাৰবিনৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে জিৰিঘাট থানাৰ অন্তৰ্গত চইছেলপুঞ্জীৰ পৰা উদ্ধাৰ কৰে সজীৱ গুলীখিনি।

এটা পৰিত্যক্ত ঘৰৰ পৰা উদ্ধাৰ হয় ৫১৮টা সজীৱ গুলী। ইয়াৰে ৪৬৩ টা গুলী ৯.৯৬ এম এম বন্দুকৰ ৫৫ টা ৫.৫৬ এম এম ৰাইফলৰ গুলী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কিছুদিন পুৰ্বে এই স্থানৰ পৰা লক্ষীপুৰ আৰক্ষী আৰু অসম ৰাইফলছে এটি ৫৬ ৰাইফলসহ এইছপিচি (পি)ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক আটক কৰিছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in