গুজৰাটত উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতনঃ আৰক্ষীয়ে কৰিলে কি, চাওক VIDEO

গুজৰাটত উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতনঃ আৰক্ষীয়ে কৰিলে কি, চাওক VIDEO

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে দিল্লীত উত্তৰ-পূবৰ এগৰাকী যুৱতীক অচিনাক্ত দুৰ্বৃত্তই কোৰোনা কোৰোনা বুলি চিঞৰি গাত পিক পেলাই থৈ যোৱা ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌ যাওতেই গুজৰাটত সংঘটিত হৈছে আন এক ঘটনা। জীৱিকাৰ সূত্ৰে গুজৰাটত বাস কৰা কেইগৰাকীমান উত্তৰ পূবৰ যুৱতীক ঘৰৰ মালিকে কোৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ সন্দেহত ঘৰ এৰিবলৈ নিৰ্দেশ দিয়া ঘটনাই সম্প্ৰত্তি ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

প্ৰাপ্ত খবৰনুসৰি, কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবৰ যুৱতীগৰাকীক ঘৰৰ মালিকে হঠাতে ঘৰৰ এৰাৰ বাবে হেচাঁ প্ৰয়োগ কৰে। কেৱল এয়াই নহয়, চুবুৰীয়াই সৈতে লগ হৈ ঘৰৰ মালিকে উত্তৰ-পূবৰ যুৱতীকেইগৰাকীক কোৰোনা সংক্ৰমণ হোৱা বুলিও সন্দেহ প্ৰকাশ কৰে। উপায়ন্তৰ হৈ যুৱতীকেইগৰাকীয়ে গুজৰাট আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয় এটা উচ্চ স্তৰীয় দল আহি ঘৰটোত উপস্থিত হয়।

যুৱতীকেইগৰাকীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰাৰ লগে লগে আৰক্ষীয়ে আশ্বাস প্ৰদান কৰে যে, লক ডাউনৰ সময়ত তেওঁলোকক কোনেও ঘৰৰ পৰা বাহিৰ কৰিব নোৱাৰে। লগতে এই দিনকেইটাত যুৱতীকেইগৰাকীক কোনেও যাতে ভাবুকি প্ৰদান নকৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা নিশ্চিতি প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in