আজি শপত ল’ব ভূপিন্দৰ পেটেলৰ মন্ত্ৰীসভাৰ ১০ জন মন্ত্ৰীয়ে!

আজি শপত ল’ব ভূপিন্দৰ পেটেলৰ মন্ত্ৰীসভাৰ ১০ জন মন্ত্ৰীয়ে!

ডিজেটেল ডেস্কঃ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপিন্দৰ পেটেলে বুধবাৰে তেওঁৰ মন্ত্ৰীসভাৰ ১০ জন মন্ত্ৰীক শপত গ্ৰহণ কৰোৱাৰ সম্ভাৱনা আছে।জানিব পৰা মতে বিজয় ৰুপানী চৰকাৰত থকা কেবিনেটৰ প্ৰায় ৬৬ শতাংশ ভূপিন্দৰ পেটেলৰ মন্ত্ৰীসভাত নাথাকিব।

সূত্ৰত প্ৰকাশিত খবৰ মতে বিধায়কৰ পৰা মুখ্যমন্ত্ৰী হোৱা ভূপেন্দ্ৰ পেটেলে একাংশ জ্যেষ্ঠ মন্ত্ৰীক মন্ত্ৰীসভাত স্থান দিলেও কিন্তু নতুন মুখকহে অধিক অগ্ৰাধিকাৰ দিয়া হ'ব। একেদৰে মন্ত্ৰীসভাত মহিলাৰ সংখ্যাও বৃদ্ধি কৰিব পাৰি।

প্ৰতিবেদন অনুসৰি, বুধবাৰে একাংশ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলেও স্বীকাৰ কৰিছে যে চৰকাৰত জ্যেষ্ঠ আৰু যুৱ সদস্যসকলৰ ভাল মিশ্ৰণ থাকিব। ভূপেন্দ্ৰ পেটেলে দলসংগঠনৰ পৰামৰ্শ অনুসৰি দলটো বাছনি কৰিব।

গঠন হ'বলগীয়া নতুন মন্ত্ৰীপৰিষদত বিভিন্ন জাতিৰ লোকক স্থান দিয়া হ'ব। ইতিমধ্যে পেটেলে এই সন্দৰ্ভত অমিত শ্বাহক লগ কৰিছে। মন্ত্ৰী পৰিষদ গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা গুৰুত্বপূৰ্ণ হ'ব বুলি গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উল্লেখ কৰিছ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in