দেখা পালে কি হ’ব! সেয়ে ট্ৰাম্পৰ আগমণৰ পূৰ্বেই খালী কৰা হ’ল আহমেদাবাদৰ বস্তি অঞ্চল…

দেখা পালে কি হ’ব! সেয়ে ট্ৰাম্পৰ আগমণৰ পূৰ্বেই খালী কৰা হ’ল আহমেদাবাদৰ বস্তি অঞ্চল…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ আহমেদাবলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া ট্ৰাম্পৰ আহমেদাবাদ ভ্ৰমণক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে গুজৰাট চৰকাৰে। প্ৰায় ১০০ কোটি টকা ব্যয়ৰে নকৈ সজাই তোলা হৈছে আহমেদাবাদৰ বাট-পথ। বিমান বন্দৰৰ পৰা মোটেৰা ষ্টেডিয়ামলৈ যোৱা পথৰ দুয়োফালে ৰোপন কৰা হৈছে ভিন্নৰঙী সৌন্দৰ্যবৰ্ধক ফুলৰ গছ। তাৰোপৰি নতুন কৈ চূণ-তেল সানি জিলিকাই তোলা হৈছে পথৰ কাষৰ দেৱালসমূহো।

কেৱল এয়াহে নহয়, মাৰ্কিন ৰাষ্ট্ৰপতিৰ আহমেদাবাদ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মোটেৰা ক্ষেত্ৰত থকা দৰিদ্ৰ লোকৰ বস্তিসমূহ আতৰ কৰাৰ বাবেও উঠিপৰি লাহিছে আহমেদাবাদ নগৰ নিগমে। গুজৰাটৰ প্ৰকৃত স্বৰূপ ঢাকিবলৈ চেষ্টা চলাই নগৰ নিগমে বস্তিসমূহত বাস কৰা লোকসকলক ৭ দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে।

প্ৰণিধানযোগ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি আহমেদাবাদৰ মুঠ জনসংখ্যাৰ ১৬.৭৫ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। এই সকল লোকৰ অধিকাংশই বাস কৰে আহমেদাবাৰ বস্তি অঞ্চলত। মোটেৰা ষ্টেডিয়ামৰ সমীপৰ বস্তি অঞ্চলত বাস কৰে প্ৰায় ৬৫ টা পৰিয়াল। দৰিদ্ৰতাৰ সৈতে যুঁজি কোনোমতে জীৱন নিৰ্বাহ কৰি থকা এই পৰিয়াল কেইটাক এতিয়া প্ৰশাসনে ঠাই খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বিপাঙত পৰিছে তেওঁলোক।

কিন্তু ট্ৰাম্পতো আহিবই। আৰু আহি যদি আহি এই বস্তি অঞ্চল আৰু ইয়াত বাস কৰা দৰিদ্ৰ লেতেৰা লোকসকলক দেখা পায়, তেন্তে ক'ত থাকিব প্ৰধানমন্ত্ৰী মোডীৰ দাম্ভিক মন্তব্যৰ মৰ্যাদা যে ভাৰতত দৰিদ্ৰতা হ্ৰাস পাইছে? সেয়েহে ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ পূৰ্বেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ উঠিপৰি লাগিছে নগৰ নিগম। কোনো কাৰণতে যাতে বস্তি অঞ্চল আৰু ইয়াৰ লোকসকলক অতিথিয়ে দেখা নাপায়, তাৰ প্ৰতি তৎপৰ হৈ পৰিছে প্ৰশাসন।

বস্তি অঞ্চল আৰু ৰাষ্ট্ৰপতিয়ে আহিবলগীয়া পথৰ মাজত নিৰ্মাণ কৰা হৈছে ওখ দেৱাল। যাতে আহমেদাবাৰ মুখাৰ আঁৰৰ দৃশ্য দেখা নাপায় অতিথিগৰাকীয়ে। কিন্তু সেই বস্তি অঞ্চলত বিগত ৩০ বছৰৰো অধিক কাল ধৰি বসবাস কৰি আহিছে একাংশ পৰিয়াল। এতিয়া আকস্মিকভাৱে প্ৰশাসনে স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়াত মূৰত সৰগ ভাগি পৰিছে পৰিয়ালসমূহৰ।

উল্লেখ্য যে, ২৪ ফেব্ৰুৱাৰীত আহমেদাবাদলৈ আহি নৱ নিৰ্মিত মোটেৰা ষ্টেডিয়াম উদ্বোধন কৰিব ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সতে 'হাউডী মোডী' সদৃশ এক অনুষ্ঠান সম্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণকালত প্ৰতি মিনিটত ৫৫ লাখ টকা ব্যয় কৰিব গুজৰাট আৰু কেন্দ্ৰীয় চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in