গোগামুখত হাহাকাৰঃ তেল ডিপুৰ মেনেজাৰৰ সংস্পৰ্শলৈ অহা ৬ জনৰ দেহত পুনৰ কোৰোনা…

গোগামুখত হাহাকাৰঃ তেল ডিপুৰ মেনেজাৰৰ সংস্পৰ্শলৈ অহা ৬ জনৰ দেহত পুনৰ কোৰোনা…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা গোগামুখৰ বাইলুং তেল ডিপোৰ মেনেজাৰ গৰাকী কোৰোনাত আক্ৰান্তৰ তথ্য পোহৰলৈ অহা পিছত তেওঁৰ সংস্পৰ্শলৈ অহা ১৮ জন লোকক দেওবাৰে কোভিড পজিটিভ ধৰা পিছতেই সোমবাৰে পুনৰ ৬জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছ।

একেটা অঞ্চলৰ এজন মানুহৰ পৰা ২৪গৰাকীকৈ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে গোগামুখত একপ্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সোমবাৰে স্বাস্থ্য বিভাগৰ ২ টাকৈ দলে প্ৰায় ৩০০ ৰো অধিক লোকৰ নতুনকৈ স্বাৱ সংগ্ৰহ কৰিছে।

উল্লেখ্য যে, ধেমাজি জিলাত সোমবাৰৰ লৈকে সৰ্বমুঠ ১৬৪ গৰাকী কোভিড-১৯ পজিটিভ ধৰা পৰাৰ বিপৰীতে ১১৫ গৰাকীয়েই সুস্থ হৈ উঠিছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in