আদালতত দোষী সাব্যস্ত হ’ল ২০১৩ চনৰ শিশু অপহৰণ আৰু ধৰ্ষণকাণ্ডৰ ২ অভিযুক্ত, আদালতৰ বাহিৰত সাংবাদিকক আক্ৰমণৰ চেষ্টা…

আদালতত দোষী সাব্যস্ত হ’ল ২০১৩ চনৰ শিশু অপহৰণ আৰু ধৰ্ষণকাণ্ডৰ ২ অভিযুক্ত, আদালতৰ বাহিৰত সাংবাদিকক আক্ৰমণৰ চেষ্টা…

ডিজিটেল ডেস্কঃ ২০১৩ চনত দিল্লীৰ গান্ধী নগৰত এগৰাকী ৫ বছৰীয়া শিশু কন্যাক অপহৰণ কৰি বলাৎকাৰ কৰা গোচৰৰ শনিবাৰে দিল্লীৰ এখন আদালতে শুনানি গ্ৰহণ কৰি দুই অভিযুক্ত ক্ৰমে মনোজ কুমাৰ আৰু প্ৰদীপক দোষী সাব্যস্ত কৰিছে। আদালতে ২ দোষীৰ শাস্তি সন্দৰ্ভত ৩০ জানুৱাৰীৰ পৰৱৰ্তী শুনানিত বিচাৰ কৰিব।

ইফালে শনিবাৰে শুনানিৰ পিছত আদালতৰ বাহিৰলৈ ওলাই অহাৰ মূহুৰ্তত দোষী প্ৰদীপ আৰু মনোজ কুমাৰে সাংবাদিকক আক্ৰমণ কৰাৰ লগতে সাংবাদিকৰ মোবাইল কাঢ়ি নিয়াৰ চেষ্টা চলায়। আদালতৰ শুনানিৰ অন্তত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায় এজন দোষীয়ে। তাৰ পিছতে সাংবাদিকৰ মোবাইল কাঢ়ি নি বাতৰি সংগ্ৰহত বাধা প্ৰদানৰো চেষ্টা কৰা দেখা যায়।

উল্লেখ্য যে, ২০১৩ চনত দিল্লীৰ গান্ধী নগৰত এটি ৫ বছৰীয়া কন্যা শিশুক অপহৰণ কৰি নি যৌন নিৰ্যাতন চলাইছিল ২ পাষণ্ডই। এই ঘটনাৰ পিছত আৰক্ষীয়ে দুই অভিযুক্ত মনোজ কুমাৰ আৰু প্ৰদীপক গ্ৰেপ্তাৰ কৰি সোধা পোছা চলাওতে দুই পাষণ্ডই স্বীকাৰ কৰিছিল সকলো কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in