শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO

গোৱৰ্দ্ধনা শংকৰদেৱ শিশু নিকেতনৰ অচলাৱস্থা…

নিকেতন পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে আছুকে ধৰি আচাৰ্য-আচাৰ্যা,অভিভাৱকৰ ক্ষোভ

131

ডিজিেটেল সংবাদ, শালমাৰীঃ বিদ্যা ভাৰতীৰ অধীনস্থ তথা শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত গোৱৰ্দ্ধনা শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদকৰ একনায়কত্ববাদৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ছাত্ৰ সংগঠনৰ কৰ্মীৰ লগতে একেখন নিকেতনতে শিক্ষাদান কৰা আচাৰ্য-আচাৰ্যা,অভিভাৱক-অভিভাৱিকা সকলে৷

অভিযোগমতে নিকেতনখনৰ সম্পাদক নাৰেন দাসে আজি প্ৰায় দহ বছৰ ধৰি নিকেতনৰ কোনো ধৰণৰ সভা-সমিতিৰ আহ্বান নকৰি নিজৰ খেয়ালখুচিমতে অনুষ্ঠানখন চলাই নি থকাত নিকেতনখন সৰ্বদিশতে পিছপৰি গৈ আছে৷ দুবছৰ পূৰ্বে ৫০০ ছাত্ৰ-ছাত্ৰী থকা নিকেতনখনত সম্প্ৰতি ৫০ জন ছাত্ৰ-ছাত্ৰীও নাই একমাত্ৰ সম্পাদক নাৰেন দাসৰ একনায়কত্ববাদৰ বাবে৷ নিকেতনৰখনৰ আচাৰ্য-আচাৰ্যা সকলৰ মাননিৰ ক্ষেত্ৰতো কোনোধৰণৰ সুসংগঠিত ব্যৱস্থা পৰিৱৰ্তন নকৰাত এতিয়া যেন গুৰুত্বহীন হৈ পৰিছে নিকেতনৰ শিক্ষাদান প্ৰক্ৰিয়াটো৷

কেৱল নিজৰ ঠিকা-ঠুকলিৰ কামতেই ব্যস্ত থকা সম্পাদক নাৰেন দাসে নিকেতনখনত কৰ্মৰত নিজৰ আচাৰ্যা পত্নীৰ মাননি বৰ্দ্ধনৰ বাদে আন সকলৰ কথা নাভাবে বুলিও অভিযোগ উত্থাপন হৈছে৷শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত নিকেতনখনত এইবোৰ ঘটি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈ কি কাৰণত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই তাকে লৈ সম্প্ৰতি আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় ছাত্ৰ সংগঠনৰ কৰ্মীকে ধৰি অভিভাৱক অভিভাৱিকাসকলে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি