শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি চৰাইদেউৰ মথুৰাপুৰবাসীৰ ব্যাপক সঁহাৰি...  •  ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰীয়ে জ্বলালে বন্তি...  •  ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰীয়ে জ্বলালে বন্তি...  •  কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি... VIDEO  •  নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড... VIDEO  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ছাত্ৰই বিনামূলীয়াকৈ বিতৰণ কৰিলে গ্ৰন্থ…

63

ডিজিটেল সংবাদ, গুৱাহাটীঃ কিতাপ পঢ়াৰ আন্দোলন গঢ়াৰ লক্ষ্যৰে তথা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই একক প্ৰচেষ্টাৰে হাতত লৈছে এক কাৰ্যসূচী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ মুন তালুকদাৰে নিজৰ সম্পাদনাৰে প্ৰকাশিত “ভাৰত বিশ্বৰ সাধাৰণ জ্ঞান” নামৰ গ্ৰন্থ খনি ৰবিবাৰে জালুকবাৰী তেতেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰে।

প্ৰায় ৫০ খনৰো অধিক গ্ৰন্থ বিতৰণী এই কাৰ্য্যসূচীত সহযোগিতা কৰে জ্ঞান যাত্ৰাৰ সমন্বয়ক ৰাহুল ডেকাই। ইফালে অনাগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত জ্ঞান বিজ্ঞানৰ সহায় হোৱাকৈ এই গ্ৰন্থ খনি বিতৰণ কৰিব বুলি বিশ্ববিদ্যালয়ৰ বিভাগৰ ছাত্ৰ গৰাকীয়ে জনায়। আনহাতে এই বিতৰণ কাৰ্যসূচীত কোনো ব্যক্তি বা প্ৰতিষ্ঠানে সহযোগ কৰিব বিচাৰিলে ৭৫৭৬৯-৩৪৪৫৯ যোগাযোগ কৰিবলৈ আহ্বান জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি