অৱশেষত কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণৰ সিদ্ধান্ত…

অৱশেষত কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণৰ সিদ্ধান্ত…
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ'ল কন্দৰ্প দাসক।
  • মঙলবাৰে দাসক অপসাৰণৰ সিদ্ধান্ত ল'লে কাৰ্যবাহী পৰিষদে।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত।
  • IDOL কেলেংকাৰীৰ মূল অভিযুক্ত ৰূপে চিহ্নিত হৈছিল কন্দৰ্প দাস।
  • পাঠ্যক্ৰম ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত নোহোৱাকৈয়ে অন্তৰ্ভুক্ত কৰিছিল আইডলত।
  • আইডলৰ প্ৰাক্তন সঞ্চালক আছিল কন্দৰ্প দাস।
  • কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছিল এই তথ্য।
  • ছাত্ৰ-ছাত্ৰীৰ পৰা অস্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমৰ বাবদ সংগ্ৰহ কৰিছিল ৪০ কোটিৰো অধিক ধন।
  • কন্দৰ্প দাসৰ কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰা হৈছিল আয়োগ।
  • অসম আৰক্ষী প্ৰাক্তন উচ্চপদস্থ বিষয়া পল্লৱ ভট্টাচাৰ্যই এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিছিল।
  • তাৰপাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰে এই সিদ্ধান্ত।
  • এই কেলেংকাৰীৰ বাবেই কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাও অপসাৰিত কৰিছিল ৰাজ্যপাল জগদীশ মুখীয়ে।

কন্দৰ্প দাসৰ পৃষ্ঠপোষকতাত চলা আইডল কেলেংকাৰীৰ সবিশেষ পঢ়ক এই লিংকত-

https://www.asomiyapratidin.in/amp/special-writing-on-idol-scam-by-mridul-kumar-handique/

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in