লুইতৰ পাৰ জিলিকাই ৭০ বছৰীয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়

লুইতৰ পাৰ জিলিকাই ৭০ বছৰীয়া হ’ল গুৱাহাটী বিশ্ববিদ্যালয়

ডিজিটেল ডেস্কঃ ৭০ বছৰত ভৰি থলে গুৱাহাটী বিশ্ববিদ্যালয়ে। পূৰ্বৰ তুলনাত বহু সলনি হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। যোৱা ৫টা বছৰত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ কৃতিত্ব দাবী কৰিব পাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই। বহু প্ৰত্যাহ্বানৰ মাজতো বিশ্ববিদ্যালয়খনক নতুন ৰূপত গঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে উপাচাৰ্যগৰাকীয়ে। এটা সময় আছিল বিশ্ববিদ্যালয়ৰ সমীপতে থকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সন্মুখৰ ভাগত এক উৎশৃংখল পৰিবেশে বিৰাজ কৰিছিল।

সমাধিক্ষেত্ৰলৈ সোমোৱাৰ পথৰ সন্মুখত আছিল যান-বাহন ৰখাৰ আস্থান। সেই পৰিৱেশৰ মাজৰ পৰা নতুন ৰূপত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ তথা বিশ্ববিদ্যালয় চৌহদক পৰিশীলিত ৰূপত গঢ়িবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। ১৯৪৮চনত প্ৰতিষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয় এসময়ত যথেষ্ট সমস্যাৰে ভাৰাক্ৰান্ত আছিল। আৰ্থিক সমস্যাৰ লগতে আন্তঃগাঁথনিৰ দিশতো আছিল পিছ পৰা।

তেনে এক প্ৰত্যাহ্বানৰ মাজৰ পৰা এখন জাকত জিলিকা বিশ্ববিদ্যালয়ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ক গঢ়ি তুলিবলৈ আৰম্ভ কৰা প্ৰচেষ্টাৰ ফলস্বৰূপে এতিয়া শৈক্ষিক আৰু প্ৰশাসনিক বিভাগসমূহক পৃথক কৰা হৈছে। শৃংখলাবদ্ধভাৱে যাতে প্ৰতিটো বিভাগ পৰিচালিত হয় সেই দৃষ্টি ৰাখি চিচি টিভি কেমেৰা সংযোগেৰে এক স্থানৰ পৰা নিৰীক্ষণৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। ছাত্ৰসকলৰ সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰিছে নতুন ব্যৱস্থা।

বিশ্ববিদ্যালয় চৌহদ যাতে কোনো বাহিৰৰ লোকৰ আড্ডাস্থলী আৰু অপৰাধীৰ ৰম্যভূমি হ'ব নোৱাৰে তাৰ বাবে বিশেষ নিৰাপত্তা আৰু উপযু্ক্ত নিৰীক্ষণৰ ব্যৱস্থা হাতত লৈছে। বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ এক অত্যাধুনিক আৰু সকলো সুবিধা উপলব্ধ কৰি গঢ়ি তোলা হৈছে। যিটো প্ৰেক্ষাগৃহ এসময়ত আছিল সম্পূৰ্ণ এলাগী। এতিয়া তাত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ।

অসম আন্দোলনৰ প্ৰাণ কেন্দ্ৰ আছিল এই বিশ্ববিদ্যালয়। লুইতৰ পাৰ জিলিকাবলৈ স্থাপন কৰা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে ২০১৩ৰ আগষ্টত দায়িত্ব লৈছিল মৃদুল হাজৰিকাই। তেওঁৰ কাৰ্যকালতেই উত্তৰ-পূবৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিছিল প্ৰথম স্থান। ২০১৬চনত এন আই আৰ এফৰ ৰেংকিঙত বিশ্ববিদ্যালয়খনৰ স্থান আছিল ২২ নম্বৰত। অক্সফৰ্ডৰ পৰাও গুৱাহাটী বিশ্ববিদ্যালয়ে বেষ্ট ৰিজিঅ'নেল ইউনিভাৰ্চিটি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰায় ৫২টাৰো অধিক বিভাগ থকা বিশ্ববিদ্যালয়খনত কেবাটাও নতুন পাঠ্যক্ৰমৰ সংযোগ কৰা হৈছে যোৱা ৫বছৰত। তাৰ ভিতৰত উদ্ভিদ বিজ্ঞান বিভাগত মাইক্ৰ'লজিত স্নাতকোত্তৰ ডিগ্ৰী, ইনটিগ্ৰেডেট Msc-Phd ইন ফুড ছায়েঞ্চ, চাৰ্টিফিকেট কৰ্চেছ ইন বেচিক্স অৱ ল' এণ্ড ডিপ্লমা ইন ল' আদি অন্যতম।

নতুনকৈ সংযোজন কৰা চেণ্টাৰ আৰু বিভাগসমূহ হ'ল- চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিছ, চেণ্টাৰ ফৰ পাৰ্ফৰমিং আৰ্টছ, চেণ্টাৰ ফৰ লেংগুৱেজ এণ্ড কালচাৰেল ষ্টাডিছ, চেণ্টাৰ ফৰ ব্ৰহ্মপুত্ৰ ষ্টাডিছ ইত্যাদি। বিশ্ববিদ্যালয়খনে জি ইউ ৰিচাৰ্জ এলিজিবিলিটী টেষ্ট, চেণ্ট্ৰেল এন্ট্ৰেন্স টেষ্ট ফৰ B.Ed প্ৰগ্ৰেম আদিও আৰম্ভ কৰিছে।

ইয়াৰ উপৰিও যোৱা ৫ বছৰত বিশ্ববিদ্যালয়খনত আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰা কিছু ধন আৰু কামৰ নমুনা হ'ল-

• উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে নতুন শৈক্ষিক ভৱনৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, সেই অৰ্থে ১.৫৮ কোটি টকা ব্যয়েৰে ২০১৩ চনত এই ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হয়। অসমীয়া, সমাজতত্ব, ইংৰাজী, ৰাজনীতি বিজ্ঞান আদি কলা শাখাৰ বিভাগসমূহ এই ভৱনতে অৱস্থিত।

• গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ পূৰ্বতকৈ ডাঙৰ আৰু তথ্য প্ৰযুক্তিৰে সমৃদ্ধ কৰাৰ নিমিত্তে ৪.৭৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা তিনিমহলীয়া ভৱনটো সম্পূৰ্ণ হয় ২০১৭ চনত।

• গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উত্তৰণ ঘটোৱাৰ উদ্দেশ্যে কলা ভৱনৰ সন্মুখত এখন মুক্ত মঞ্চ ৩১.২৩ লাখ টকা ব্যয় সাপেক্ষে ২০১৮ চনত সাজি উলিওৱা হৈছে।

• গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানে(IDOL) বহু শিক্ষাৰ্থীৰ শিক্ষা লাভৰ বাট মুকলি কৰি আহিছে। আইডলৰ প্ৰথম আৰু দ্বিতীয় ভৱনৰ আন্তগাঁথনি উন্নয়নৰ বাবদ ১.১৬ কোটি টকা ব্যয় হৈছিল আৰু ২০১৪ চনত সেয়া সম্পূৰ্ণ হয়।

• কেন্টিন নিৰ্মাণ আৰু আন্ত:গাঁথনি উন্নতকৰণৰ বাবে ১ কোটি ৪৩ লাখ টকা ব্যয় কৰা হৈছে।

• শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ আধুনিকীকৰণৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণ ৬.৮৯ কোটি টকা।

• বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ আবাসগৃহ মেৰামাতিৰ বাবদ ১.৮৬ কোটি টকা আৰু চি গ্ৰেডৰ কৰ্মচাৰীৰ আবাসসমূহ পুনৰ নিৰ্মাণৰ বাবে অলপতে ব্যয় কৰা ধনৰ পৰিমাণ হ'ল ৬২.৩৩ লাখ টকা।

• বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ পথসমূহ উন্নীতকৰণৰ বাবে প্ৰায় ৩৫.৪ লাখ টকা আৰু অসম আৰ্হিৰ আৱাসসমূহত টিনপাত লগোৱাৰ বাবদ ৮৩.৮৭ লাখ টকা ব্যয় কৰা হৈছে।

• বিশ্ববিদ্যালয়ে ক্ৰীড়া ক্ষেত্ৰখনত গুৰুত্ব দি আহিছে যাতে শিক্ষাৰ্থীসকলে অধ্যয়নৰ সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে। আৰবান স্পৰ্টছ ইনফ্ৰাষ্ট্ৰকচাৰ স্কীমৰ অধীনত ইনড'ৰ ষ্টেডিয়াম নিৰ্মাণৰ লগতে আন্ত:গাথনি উন্নয়নৰ বাবে ৬.১২ কোটি টকা ব্যয় কৰিছে।

• শৈক্ষিক গুণগত মানদণ্ড উন্নীতকৰণৰ বাবে 'ৰুছা'ৰ(RUSA) অধীনত পদাৰ্থবিজ্ঞান, উদ্ভিদ বিদ্যা আৰু আইন আৰু কলা ভৱনৰ আন্ত:গাঁথনি উন্নীতকৰণৰ বাবদ ২ কোটি ২৬ লাখ টকা ব্যয় কৰা হৈছে।

• গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কেট পুনৰ নিৰ্মাণৰ বাবে ২ কোটি টকা, নতুন শৈক্ষিক ভৱন আৰু অতিথিশালাৰ মাজত কেন্টিন নিৰ্মাণৰ বাবে ৫৫.৮৫ লাখ, প্ৰশাসনিক ভৱনত লিফট নিৰ্মাণৰ বাবদ ৮.৮৫ লাখ টকা ব্যয় কৰা হৈছে।

ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ত জাতীয় জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা মনীষীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে বহুতো প্ৰতিমূৰ্তি বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হৈছে। তাৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি, ড° মহেশ্বৰ নেওগ, ড° বাণীকান্ত কাকতিৰ প্ৰতিমূৰ্তি অন্যতম।

উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুন শৈক্ষিক ভৱনটোক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ভৱন, কলা ভৱনক ড° বাণীকান্ত কাকতি ভৱন, নতুন কলা ভৱনক সূৰ্য কুমাৰ ভূঞা ভৱন আৰু এ টি হলটোক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱন নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত কিছু অভিযোগ উত্থাপন হয়। তাৰ মাজতেই এনেবোৰ কামে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি তথা শৈক্ষিক ক্ষেত্ৰলৈ যথেষ্ট পৰিৱৰ্তন আনিছে।

  • বিশ্ববিদ্যালয়ৰ ২৭ সংখ্যাক সমাৱৰ্তন অনুষ্ঠিত

আজি অনুষ্ঠিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৭ সংখ্যাক সমাৱৰ্তন। এই সমাৱৰ্তনতে প্ৰখ্যাত বৃক্ক সংৰোপণ বিশেষজ্ঞ চিকিৎসা বিজ্ঞানী ড০ সৰ্বেশ্বৰ চহৰীয়াক ডি-লিট আনুষ্ঠানিকভাৱে উপাধি প্ৰদান কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in