আঁতৰ নহল জি এছ টিঃ বেচৰকাৰী চিকিৎসালয়ত মজুত আছে বৃহৎ পৰিমাণৰ ভেকচিন…

ডিজিটেল ডেস্কঃ কোৰোনা ভেকচিনৰ ওপৰত থকা ৫ শতাংশ জি এছ টি প্ৰত্যাহাৰৰ পৰা বিৰত থাকিল কেন্দ্ৰিয় জি এছ টি পৰিষদ।ইয়াৰ বিপৰীতে কোৰোনাৰ লগত জৰিত অন্যান্য বহু কেইটা চিকিৎসা সামগ্ৰীৰ ওপৰত থকা জি এছ টি হ্ৰাস কৰিলে কেন্দ্ৰীয় জি এছ টি পৰিষদে।অন্যহাতে কোৰোনাৰ মাজতে ভাৰতত দেখা দিয়া আন এক মহামাৰী বেল্ক ফাংগাছৰ ঔষধৰ ক্ষেত্ৰত কোনোধৰণৰ জি এছ টি আৰোপ কৰা নাই পৰিষদে।   

শুক্ৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় জি এছ টি পৰিষদৰ ৪৪ সংখ্যক বৈঠকত কোৰোনা ভেকচিন আৰু ইয়াৰ লগত জৰিত চিকিতসা সামগ্ৰীৰ ক্ষেত্ৰত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সগ্ৰহণ কৰা হৈছে। ভিডিঅ' কনফাৰেঞ্চিংৰ জৰিয়তে অনুষ্ঠিত কৰা এই বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰ, কেইবাখনো ৰাজ্যৰ বিত্তমন্ত্ৰী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে।

এই বৈঠকতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, এই বৈঠক কেৱল এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল।ক'ভিড-১৯ ৰ লগত জৰিত সামগ্ৰীৰ বিষয়ক লৈ মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদন ৬ তাৰিখে আমাৰ ওচৰত দাখিল কৰা হৈছিল। এই প্ৰতিবেদন আমি গ্ৰহণ কৰিছো। প্ৰতিবেদনৰ মাত্ৰ তিনিটা বিষয় আমি সলনি কৰিছো।মন্ত্ৰীগোটৰ এই প্ৰতিবেদনৰ সিদ্ধান্তসমূহ আগন্তুক ছেপ্তম্বৰ পৰ্যন্ত বাহাল থাকিব। দ্বিতীয়তে বৈদ্যুতিক সঁজুলিৰ ওপৰত ১২ শতাংশ জি এছ টি প্ৰযোজ্য কৰাৰ মন্ত্ৰীগোটৰ সিদ্ধান্তক আমি সলনি কৰি এই পৰিমাণ ৫ শতাংশলৈ হ্ৰাস কৰিছো। কোৰোনা ভাইৰাছৰ ভেকচিনৰ ওপৰত থকা জি এছ টি ৰ ৫ শতাংশ বাহাল থাকিব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি জি এছ টি পৰিষদৰ বৈঠকত এম্বুলেন্সৰ ওপৰত থকা জি এছ টি ২৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে। অক্সিমিটাৰৰ ওপৰত থকা জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। একেদৰে ভেণ্টিলেটৰৰ ওপৰত থকা জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশ, কোৰোনা ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধ ৰেমডিচিভিৰো জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও কোৰোনা পৰীক্ষা কৰা কীট, অক্সিমিটাৰৰ ওপৰত থকা জি এছ টিৰ ক্ষেত্ৰতো ১২ শতাংশৰ পৰা ৫ লৈ আৰু ছেনিটাইজাৰৰ ওপৰত থকা জি এছ টি স১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

কোৰোনাৰ সমান্তৰালভাৱে দেশত দেখা দিয়া আন এক মহামাৰী ব্লেক ফাংগাছৰ বেজীৰ ওপৰত থকা জি এছ টি প্ৰত্যাহাৰ কৰা হৈছে।পূৰ্বে এই বেজীৰ ওপৰত জি এছ টি আছিল ৫ শতাংশ।

ইফালে দেশত কোৰোনা ভাইৰাছৰ ভেকচিনৰ নাটনি সৃষ্টি হোৱাৰ মাজতে পোহৰলৈ আহিছে আন এক উদ্বেগজনক খবৰ। দেশৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এতিয়াও  মজুত আছে বৃহৎ সংখ্যক কোৰোনাৰ ভেকচিন।কেন্দ্ৰীয় চৰাকাৰে দেশৰ নাগৰিকক বিনামূলীয়াকৈ কোৰোনাৰ ভেকচিন প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ সমান্তৰালাভাৱে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰাও ইচ্ছ্যুক সকলে এই ভেকচিনৰ মূল্য প্ৰদান কৰি গ্ৰহণ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছিল। কিন্তু বেচৰকাৰী চিকিৎসালয়ত কোৰোনাৰ ভেকচিনৰ মূল্য অত্যাধিক বৃদ্ধিৰ বাবে দেশৰ সাধাৰণ নাগৰিকে এই বেচৰকাৰী চিকিৎসালয়ৰ পৰা ভেকচিন গ্ৰহণৰ পৰা বিৰত আছে।

তথ্য অনুসৰি দেশৰ ব্যক্তিগত চিকিৎসালয়ত ১৭ শতাংশ কোৰোনা ভেকচিন ব্যৱহাৰ কৰা হৈছে।ইয়াৰ পিছতো তেওঁলোকৰ ওচৰত বহু বেছি পৰিমাণৰ কোৰোনাৰ ভেকচিন মজুত আছে। চৰকাৰৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ দেশত ৭.৪ কোটি ভেকচিনৰ ড[জ উপলব্ধ কৰোৱা হৈছিল। যাৰ ভিতৰত ব্যক্তিগখণ্ডৰ চিকিৎসালয়ত ১.৮৫ কোটি ভেকচিনৰ ড]জ প্ৰদান কৰা হৈছিল। মে়' মাহত এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ১.২৯ কোটি ভেকচিনৰ ড'জ উপলব্ধ কৰোৱা হৈছিল।ইয়াৰে মাত্ৰ ২২ লাখ ভেকচিনৰ ড'জহে বৰ্তমানলৈকে ব্যৱহাৰ কৰা হৈছে।  

উল্লেখ্য যে চলিত মাহৰ প্ৰথমাৰ্ধত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোৰোনা ভেকচিন কভিশ্লিডৰ প্ৰতিটো ড'জৰ মূল্য ৭৮০ টকা, স্পোটিনিকৰ প্ৰতিটো ড'জৰ মূল্য ১,১৪৫ টকা, কোভাক্সিনৰ প্ৰতিটো ড'জৰ মূল্য ১,৪১০ টকা নিৰ্ধাৰণ কৰা হৈছিল। ইয়াত জি এছ টি আৰু চিকিৎসালয়ৰ মাচুল ১৫০ টকাও চামিল কৰা হৈছে। বিশেষজ্ঞৰ দাবী কোৰোনাৰ ভেকচিনৰ এনে মূল্যৰ বাবেই ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভেকচিন গ্ৰহণৰ পৰা বিৰত আছে নাগৰিকসকল।

কোৰোনা ভেকচিনৰ ওপৰত থকা ৫ শতাংশ জি এছ টি প্ৰত্যাহাৰৰ পৰা বিৰত থাকিল কেন্দ্ৰিয় জি এছ টি পৰিষদ।ইয়াৰ বিপৰীতে কোৰোনাৰ লগত জৰিত অন্যান্য বহু কেইটা চিকিতসা সামগ্ৰীৰ ওপৰত থকা জি এছ টি হ্ৰাস কৰিলে কেন্দ্ৰীয় জি এছ টি পৰিষদে।অন্যহাতে কোৰোনাৰ মাজতে ভাৰতত দেখা দিয়া আন এক মহামাৰী বেল্ক ফাংগাছৰ ঔষধৰ ক্ষেত্ৰত কোনোধৰণৰ জি এছ টি আৰোপ কৰা নাই পৰিষদে।   

শুক্ৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় জি এছ টি পৰিষদৰ ৪৪ সংখ্যক বৈঠকত কোৰোনা ভেকচিন আৰু ইয়াৰ লগত জৰিত চিকিতসা সামগ্ৰীৰ ক্ষেত্ৰত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সগ্ৰহণ কৰা হৈছে। ভিডিঅ' কনফাৰেঞ্চিংৰ জৰিয়তে অনুষ্ঠিত কৰা এই বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰ, কেইবাখনো ৰাজ্যৰ বিত্তমন্ত্ৰী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে।

এই বৈঠকতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, এই বৈঠক কেৱল এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল।ক'ভিড-১৯ ৰ লগত জৰিত সামগ্ৰীৰ বিষয়ক লৈ মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদন ৬ তাৰিখে আমাৰ ওচৰত দাখিল কৰা হৈছিল। এই প্ৰতিবেদন আমি গ্ৰহণ কৰিছো। প্ৰতিবেদনৰ মাত্ৰ তিনিটা বিষয় আমি সলনি কৰিছো।মন্ত্ৰীগোটৰ এই প্ৰতিবেদনৰ সিদ্ধান্তসমূহ আগন্তুক ছেপ্তম্বৰ পৰ্যন্ত বাহাল থাকিব। দ্বিতীয়তে বৈদ্যুতিক সঁজুলিৰ ওপৰত ১২ শতাংশ জি এছ টি প্ৰযোজ্য কৰাৰ মন্ত্ৰীগোটৰ সিদ্ধান্তক আমি সলনি কৰি এই পৰিমাণ ৫ শতাংশলৈ হ্ৰাস কৰিছো। কোৰোনা ভাইৰাছৰ ভেকচিনৰ ওপৰত থকা জি এছ টি ৰ ৫ শতাংশ বাহাল থাকিব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি জি এছ টি পৰিষদৰ বৈঠকত এম্বুলেন্সৰ ওপৰত থকা জি এছ টি ২৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে। অক্সিমিটাৰৰ ওপৰত থকা জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। একেদৰে ভেণ্টিলেটৰৰ ওপৰত থকা জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশ, কোৰোনা ৰোগীৰ চিকিতসাৰ বাবে ব্যৱহৃত ঔষধ ৰেমডিচিভিৰো জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও কোৰোনা পৰীক্ষা কৰা কীট, অক্সিমিটাৰৰ ওপৰত থকা জি এছ টিৰ ক্ষেত্ৰতো ১২ শতাংশৰ পৰা ৫ লৈ আৰু ছেনিটাইজাৰৰ ওপৰত থকা জি এছ টি স১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে।

কোৰোনাৰ সমান্তৰালভাৱে দেশত দেখা দিয়া আন এক মহামাৰী ব্লেক ফাংগাছৰ বেজীৰ ওপৰত থকা জি এছ টি প্ৰত্যাহাৰ কৰা হৈছে।পূৰ্বে এই বেজীৰ ওপৰত জি এছ টি আছিল ৫ শতাংশ।

ইফালে দেশত কোৰোনা ভাইৰাছৰ ভেকচিনৰ নাটনি সৃষ্টি হোৱাৰ মাজতে পোহৰলৈ আহিছে আন এক উদ্বেগজনক খবৰ। দেশৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এতিয়াও  মজুত আছে বৃহৎ সংখ্যক কোৰোনাৰ ভেকচিন।কেন্দ্ৰীয় চৰাকাৰে দেশৰ নাগৰিকক বিনামূলীয়াকৈ কোৰোনাৰ ভেকচিন প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ সমান্তৰালাভাৱে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰাও ইচ্ছ্যুক সকলে এই ভেকচিনৰ মূল্য প্ৰদান কৰি গ্ৰহণ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছিল। কিন্তু বেচৰকাৰী চিকিৎসালয়ত কোৰোনাৰ ভেকচিনৰ মূল্য অত্যাধিক বৃদ্ধিৰ বাবে দেশৰ সাধাৰণ নাগৰিকে এই বেচৰকাৰী চিকিৎসালয়ৰ পৰা ভেকচিন গ্ৰহণৰ পৰা বিৰত আছে।

তথ্য অনুসৰি দেশৰ ব্যক্তিগত চিকিৎসালয়ত ১৭ শতাংশ কোৰোনা ভেকচিন ব্যৱহাৰ কৰা হৈছে।ইয়াৰ পিছতো তেওঁলোকৰ ওচৰত বহু বেছি পৰিমাণৰ কোৰোনাৰ ভেকচিন মজুত আছে। চৰকাৰৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ দেশত ৭.৪ কোটি ভেকচিনৰ ড[জ উপলব্ধ কৰোৱা হৈছিল। যাৰ ভিতৰত ব্যক্তিগখণ্ডৰ চিকিৎসালয়ত ১.৮৫ কোটি ভেকচিনৰ ড]জ প্ৰদান কৰা হৈছিল। মে়' মাহত এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ১.২৯ কোটি ভেকচিনৰ ড'জ উপলব্ধ কৰোৱা হৈছিল।ইয়াৰে মাত্ৰ ২২ লাখ ভেকচিনৰ ড'জহে বৰ্তমানলৈকে ব্যৱহাৰ কৰা হৈছে।  

উল্লেখ্য যে চলিত মাহৰ প্ৰথমাৰ্ধত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোৰোনা ভেকচিন কভিশ্লিডৰ প্ৰতিটো ড'জৰ মূল্য ৭৮০ টকা, স্পোটিনিকৰ প্ৰতিটো ড'জৰ মূল্য ১,১৪৫ টকা, কোভাক্সিনৰ প্ৰতিটো ড'জৰ মূল্য ১,৪১০ টকা নিৰ্ধাৰণ কৰা হৈছিল। ইয়াত জি এছ টি আৰু চিকিৎসালয়ৰ মাচুল ১৫০ টকাও চামিল কৰা হৈছে। বিশেষজ্ঞৰ দাবী কোৰোনাৰ ভেকচিনৰ এনে মূল্যৰ বাবেই ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভেকচিন গ্ৰহণৰ পৰা বিৰত আছে নাগৰিকসকল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in