প্ৰথমবাৰৰ বাবে আইচিচি মেচ ৰেফাৰী হিচাবে মহিলাক নিযুক্তি…

প্ৰথমবাৰৰ বাবে আইচিচি মেচ ৰেফাৰী হিচাবে মহিলাক নিযুক্তি…

ডিজিটেল ডেস্কঃপোন প্ৰথমবাৰৰ বাবে আই চি চিয়ে ইণ্টাৰনেশ্যনেল পেনেলৰ ৰেফাৰী হিচাপে নিযুক্তি দিয়ে এগৰাকী মহিলাক। প্ৰাক্তন মহিলা ক্ৰিকেটাৰ জি এছ লক্ষ্মীক দিয়া হয় এই পদবীত নিযুক্তি। ৫১বছৰীয়া জি এছ লক্ষ্মীয়ে ইয়াৰ পূৰ্বে ২০০৮-০৯চনৰ ঘৰুৱা মহিলা ক্ৰিকেট আৰু তিনিখন মহিলা এদিনীয়া মেচৰ লগতে টি-২০ৰ নিৰীক্ষণ কৰিছিল।

লক্ষ্মীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয়- 'আই চিচিয়ে মোক ইণ্টাৰনেশ্যনেল পেনেলৰ বাবে এই পদবীত নিযুক্তি দিয়াতো মোৰ বাবে সন্মানৰকথা। ক্ৰিকেট জগতৰ সৈতে দীঘলীয়া সময়ৰ পৰা মই জড়িত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই মোৰক্ৰিকেটাৰ আৰু ৰেফাৰীৰ হিচাপে যি অভিজ্ঞতা সেয়া ব্যৱহাৰ কৰিম।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in