ভাৰতৰ ৭ৰাজ্যক লকডাউন শিথিল নকৰিবলৈ কিয় ক’লে বিশ্ব স্বাস্থ্য সংস্থাই…

ভাৰতৰ ৭ৰাজ্যক লকডাউন শিথিল নকৰিবলৈ কিয় ক’লে বিশ্ব স্বাস্থ্য সংস্থাই…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনাৰ আক্ৰান্তৰ বৃদ্ধিৰ পৰিমাণে সকলোকে চিন্তাত পেলাইছে। যোৱা শুকুৰবাৰৰ দিনটোত সকলো ৰেৰ্কড ভংগ কৰি ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হল ৬৬৫৪গৰাকী লোক। বৰ্তমানলৈকে ১লাখ ২৫হাজাৰো অধিক লোক আক্ৰান্ত হোৱা ভাৰতৰ ৭খন ৰাজ্যক বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ প্ৰদান কৰিছে যে, তেওঁলোকে এই সময়ত যাতে কোনো কাৰণতে লকডাউন শিথিল নকৰে।

এই পৰামৰ্শ প্ৰদান কৰা ৰাজ্যকেইখন হৈছে, মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, তেলেংগানা, চণ্ডীগড়, তামিলনাডু আৰু বিহাৰ। তেওঁলোকে মত প্ৰকশা কৰিছে যে, বিগত দুটা সপ্তাহত যিদৰে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা এই ৰাজ্যকেইখনত বৃদ্ধি পাইছে, তালৈ লক্ষ্য ৰাখি লকডাউন শিথিল কৰা চিন্তা এতিয়া তেওঁলোকে কৰিব নালাগে।

সংস্থাটোৱে লগতে ভাৰতক এক পৰামৰ্শ প্ৰদান কৰিছে যে, যিবোৰ ৰাজ্যত ৫ শতাংশৰো অধিক লোক কোৰোনাত সংক্ৰমিত হৈছে, তেনে ৰাজ্যত লকডাউন শিথিল কৰাটো ভাল নহব। জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত পোহৰলৈ আহিছে যে, আমেৰিকাত মাত্ৰ ৫০ শতাংশ অঞ্চলত কিছু পৰিমাণে লকডাউন শিথিল কৰিব পাৰে। তেনেদৰে, যোৱা ৭ মেত প্ৰকাশিত এক তথ্য অনুসৰি, মহাৰাষ্ট্ৰত ১৮ শতাংশ, গুজৰাটত ৯ শতাংশ, দিল্লীত ৭ শতাংশ, তেলেংগানাত ৭ শতাংশ, চণ্ডীগড়ত ৭ শতাংশ আৰু তামিলনাডু-বিহাৰত ৫ শতাংশ লোক কোৰোনাত আক্ৰান্ত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in