পাঞ্জাব নেশ্যনেল বেংকৰ পানীতোলা শাখাত দুৰ্বৃত্তৰ আক্ৰমণঃ নিৰাপত্তাৰক্ষী, পৰিচালককো প্ৰহাৰ…

পাঞ্জাব নেশ্যনেল বেংকৰ পানীতোলা শাখাত দুৰ্বৃত্তৰ আক্ৰমণঃ নিৰাপত্তাৰক্ষী, পৰিচালককো প্ৰহাৰ…

ডিজিটেল ডেস্কঃ আৰক্ষী প্ৰশাসনে প্ৰতি মুহূৰ্ততে গিজগিজাই থকা তিনিচুকীয়াৰ পানীতোলাত এইবাৰ বেংকত আক্রমণ ১০জনীয়া দুৰ্বৃত্তৰ দলৰ। পাঞ্জাব নেশ্যনেল বেংকৰ পানীতোলা শাখাত আক্রমণ চলায় দলটোৱে। লগতে বেংকৰ পৰিচালক ভূৱন দাসকো প্রহাৰ কৰে।

ইয়াৰ সমান্তৰালকৈ শাখা পৰিচালক অৰুণ কুমাৰ সিঙকো আক্রমণ কৰে। কেৱল এয়াই নহয়, বেংকটোৰ নিৰাপত্তাৰক্ষীকো প্রহাৰ কৰিলে দুৰ্বৃত্তৰ দলটোৱে। ঘটনা সন্দৰ্ভত পানীতোলা আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ। ঘটনাক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰিছে পানীতোলাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in