ওদালগুৰিত সামগ্ৰী বিক্ৰীৰ সময়-স্থান নিৰ্ধাৰণ প্ৰশাসনৰ, পৰ্যাপ্ত পৰিমাণে খাদ্য মজুত থকাৰ কথা ঘোষণা যোগান বিভাগৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশজুৰি মঙলবাৰৰ নিশাৰ পৰা ঘোষণা হোৱা লকডাউন কাৰ্যসূচীৰ বৃহস্পতিবাৰে দ্বিতীয় দিন। দ্বিতীয়টো দিনতো ওদালগুৰি জিলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মকৰূপে পৰা পৰিলক্ষিত হয়। চহৰখনৰ সকলো দোকান-পোহাৰৰ লগতে যান বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে। ইয়াৰ মাজতে বন্ধৰ ফলত যাতে সাধাৰণ ৰাইজৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সংকট নামি নাহে তাৰ বাবে জিলা প্ৰশাসনে জৰুৰীভাৱে এক সভা আহ্বান কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় এই সভা।

উক্ত সভাত ওদালগুৰি জিলা আৰক্ষী অধীক্ষক ৰিপুল দাস, অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) অমৰজ্যোতি বৰ্মণ, মহকুমাধিপতি(সদৰ) শ্যামন্ত ৰবি বৰা, ওদালগুৰি স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডঃ তয়বুৰ ৰহমান, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপসঞ্চালক, পশু চিকিৎসা ও জিলা পশুপালন বিষয়া উপস্থিত থাকে। গুৰুত্বপূৰ্ণ জৰুৰী সভাখনৰ সিদ্ধান্ত মৰ্মে ওদালগুৰি সদৰৰ অন্তৰ্গত ২৬ টা স্থানত গাখীৰ আৰু পাচলি বিক্ৰীৰ বাবে ৰাতিপুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ অনুমতি প্ৰদান কৰে। আনহাতে সুলভ মূল্যৰ দোকানৰ উপৰিও আন ৪৭ টা স্থানৰ পৰা সামাজিক দূৰত্বৰ লগতে দিক নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰিহে প্ৰয়োজনীয় খুচুৰা গেলামালৰ সামগ্ৰী পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ ক্ৰয় বিক্ৰয়ৰ অনুমতি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

একেধৰণে জিলাখনৰ ভেৰগাঁও মহকুমাটো কিছু স্থান চিনাক্ত কৰা হৈছে, য'ৰ পৰা গ্ৰাহকসকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আনহাতে গেলামাল সামগ্ৰী পৰ্যাপ্ত পৰিমাণে থকাৰ কথা উল্লেখ কৰি ওদালগুৰি খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে খুচুৰা বজাৰত খাদ্য সামগ্ৰীৰ দৰ যাতে বৃদ্ধি নহয় তাৰ বাবে সামগ্ৰীৰ দাম নিৰ্দ্ধাৰণ কৰি দিছে।

সেই অনুসৰি ৰাইচ(ফান) ৩২-৪০ টকা, ৰাইজ(সাধাৰণ) ২৬-৩০ টকা, ৰহৰ দাইল ৯০-১০০ টকা, বুটৰ দাইল ৬৮-৭৫ টকা, মুগ দাইল ১১৫-১৩০ টকা, মচুৰ(ডাঙৰ) ৭৫-৮০ টকা, মচুৰ(সৰু) ৮০-১০০ টকা, আলু ২৫ টকা, পিয়াঁজ ২৮-৩০ টকা, আয়'ডিনযুক্ত নিমখ ১০-২২ টকা, চেনী ৪০-৪২ টকা, আটা ৩০-৩৪ টকা, ময়দা ৩০-৩৪ টকা, মিঠাতেল ১১০-১২০ টকা, ৰিফাইন তেল ১১০-১২০ টকা, চিৰা ৩৫ টকা নিৰ্ধাৰণ কৰে। ইপিনে প্ৰতিগৰাকী বিক্ৰেতাকে এই সংকটৰ সময়ত মুল্যবৃদ্ধিৰ পৰিৱৰ্তে জনসাধাৰণক সহায় সহযোগিতা কৰাৰ বাবে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in