প্ৰদেশ কংগ্ৰেছৰ ভুলৰ বাবে নিৰ্বাচনত বিধ্বস্ত হ’ল মহাজোঁট : ৰাণী নৰহ

প্ৰদেশ কংগ্ৰেছৰ ভুলৰ বাবে নিৰ্বাচনত বিধ্বস্ত হ’ল মহাজোঁট : ৰাণী নৰহ

ডিজিটেল সংবাদ,লখিমপুৰ : ৰাজ্য বিধান সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই নিজ দলৰ নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈছে ৰাজ্য সভাৰ সাংসদ তথা কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ ৷ বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটৰ শোচনীয় পৰাজয়ৰ পাছত প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে একাধিক অভিযোগেৰে সৌচ্চাৰ হৈছে সাংসদ ৰাণী নৰহ ৷

দলীয় নেতৃত্বই কৰা কেতবোৰ ভুলৰ বাবে আজি কংগ্ৰেছ মহাজোঁটৰ হাতত চৰকাৰ গঠনৰ সুৱৰ্ণ সুযোগ পোৱাৰ পাছতো বিফল হ'ল ৷ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ অপৰিপক্ব কেতবোৰ সিদ্ধান্তৰ বাবে অসমৰ ৰাইজে এখন ধৰ্মীয় নিৰপেক্ষ ,উন্নয়নকামী চৰকাৰ গঠনৰ পৰা বঞ্চিত হ'ল ৷ এই কথা ব্যক্ত কৰিছে সাংসদ ৰাণী নৰহে ৷

আজি নাওবৈছাত অসমীয়া প্ৰতিদিনেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে নিজ দলৰ নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷ ৰাণী নৰহৰ মতে অসমৰ ৰাইজে কা" বিৰোধী আন্দোলনৰ জৰিয়তে ৰাজপথলৈ উলাই আহি সোনোৱাল চৰকাৰৰ বিৰুদ্ধে থিয় দিছিল ৷কিন্তু এই সুযোগ কংগ্ৰেছে ল'ব নোৱাৰিলে ৷

চৰকাৰ বিৰোধী জনতাৰ সমৰ্থন আদায় কৰাত ব্যৰ্থ হ'ল কংগ্ৰেছ ৷ দলীয় নেতৃত্বই হৈ যোৱা বিধান সভা নিৰ্বাচনত প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত চৰম অপৰিপক্বতাৰ পৰিচয় দিলে ৷ ফল স্বৰূপে উত্তৰ উজনি অসমৰ ৪৭ টা বিধান সভা সমষ্টিৰ কেৱল পাঁচটা সমষ্টিতহে কংগ্ৰেছ মহাজোঁটে জয়ৰ সোৱাদ পালে ৷ সাংসদ গৰাকীৰ মতে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছিল উজনি অসমত আৰু তেওঁলোক সফল হ'ল ৷

কা' বিৰোধী ভোটৰ বিভাজন হোৱা নাছিল যদিও কংগ্ৰেছৰ সহায়ক নহ'ল ৷ দলৰ নেতৃত্বই কৰা ভুলৰ পৰিণাম তৃণমূলৰ কৰ্মীয়ে ভুগিব লগীয়া হ'ল আৰু নিৰ্বাচনত চৰম বিপৰ্যয় ৷ উল্লেখ্য যে নিৰ্বাচনৰ দায়িত্বত থকা নেতা আৰু প্ৰদেশ কংগ্ৰেছে কৰা ভুলৰ খটিয়ান দিব ৰাণী নৰহে কংগ্ৰেছ হাইকামাণ্ডক ৷ মহাজোঁট কিয় বিফল হ'ল চৰকাৰ গঠনত তাৰো খটিয়ান দিব কংগ্ৰেছ হাইকামাণ্ডক ৷

নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বঞ্চিত কৰি কেনেদৰে গুৰুত্বপূৰ্ণ সমষ্টিত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল তাৰো পুংখানুপুংখ প্ৰতিবেদন কংগ্ৰেছ হাইকামাণ্ডক দাখিল কৰিবলৈ সাজু হৈছে ৰাণী নৰহে৷ ৰাণী নৰহে আৰু কয় যে সন্মিলিত গণশক্তি অসমৰ লগত কংগ্ৰেছৰ চুক্তি হৈছিল ৷সেই অনুসৰি বাৰ টা সমষ্টিত গণশক্তিয়ে কংগ্ৰেছক সহায় কৰাৰ কথা আছিল ৷ এই চুক্তিৰ বিষয়ে ভৰত চন্দ্ৰ নৰহ বা তেওঁক কোনো কথা জনোৱা হোৱা নাছিল ৷

কেৱল ঢকুৱাখনা সমষ্টিটো টি এম পি কে ৰ প্ৰাক্তন নেতা পদ্মলোচন দলেক এৰি দিবলৈ কোৱা হৈছিল ৷ এক প্ৰকাৰে আমাক চক্ৰ বেহুৰ ভিতৰত সোমুৱাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৰং চাইছিল ৷ মই হাইকামাণ্ডক ডিমাণ্ড দি ভৰত নৰহৰ প্ৰাৰ্থীত্ব লৈছিলো ৷ ভৰত নৰহৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ কোনো অৰিহণা নাই ৷ বাৰ দিনত ভৰত নৰহ পুণৰ বিধায়ক হৈছে ৷ ইয়াৰ ফল তেওঁলোকে পালে ৷ উজনি অসমত ভৰত নৰহ আৰু ৰাণী নৰহক বাদ দি মিচিং ৰাজনীতি কংগ্ৰেছৰ সম্ভৱ নহয় ৷

মই পাঁচ বাৰ উজনি অসমত সাংসদ হিচাবে প্ৰতিদ্বন্দ্বীতা কৰিছো ৷ নৰহ আৰু মই জানো তেজপুৰৰ পৰা শদিয়ালৈ মিচিং জনগোষ্ঠীৰ প্ৰতিটো ৰাজনৈতিক কথা ,ৰাজনৈতিক কথা ৷ আমাক এৰাই গণশক্তিৰ লগত কি বুজাবুজি হ'ল আমি নাজানিলো ৷ হাই কামাণ্ডক কৈছিলো যি দলে বিজেপিৰ লগত মিত্ৰতা কৰি থৈছে সেই দলৰ কংগ্ৰেছৰ লগত কেনেকৈ চুক্তি হ'ব বা এই কথা কিমান যুক্তি সংগত ?আমাৰ কথা হাই কামাণ্ডে নুশুনিলে ৷ ফলত বাৰ সমষ্টিৰ ভিতৰতে কেৱল ঢকুৱাখনাত গণশক্তিয়ে কংগ্ৰেছ প্ৰাৰ্থীক সহায় কৰিলে ৷

আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিকো গহপুৰত সহায় নকৰিলে ৷ইয়াৰ প্ৰতিফলন নিৰ্বাচনত ঘটিল ৷ স্মৰ্ত্তব্য যে অনানুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সলনি সন্দৰ্ভতো ৰাণী নৰহে গুৰুত্বপূৰ্ণ মন্তব্য আগবাঢ়াইছে ৷ সাংসদ নৰহৰ মতে বিধান সভা নিৰ্বাচনৰ পূৰ্বে দুৰ্বল নেতৃত্বক সলনি কৰাৰ কুচকাৱাজ আৰম্ভ হৈছিল ৷ এই সন্দৰ্ভত গ্ৰীণ উদ ৰিজৰ্টত আলোচনা হৈছিল কংগ্ৰেছ হাই কামাণ্ডেৰে ৷ কিন্তু প্ৰদেশ কংগ্ৰেছৰ কোনো এজন নেতাই সভাপতিৰ দায়িত্ব ল'বলৈ প্ৰস্তুত নোহোৱাত ৰিপুণ বৰাই সভাপতি হৈ থাকিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in