উত্তৰ লাগে গোৱালাক! ভুল কৰি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দুলীয়াজানৰ বিধায়কৰ, ডিলিট কৰিলে জে পি সিঙে টুইট…

উত্তৰ লাগে গোৱালাক! ভুল কৰি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দুলীয়াজানৰ বিধায়কৰ, ডিলিট কৰিলে জে পি সিঙে টুইট…

ডিজিটেল ডেস্কঃ ৰাজপথত ন' পাৰ্কিঙত গাড়ী ৰখোৱাৰ বাবে যান-বাহন আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষী আয়ুক্তক অভিযোগ দিয়া বিধায়ক তেৰছ গোৱালা সৰৱ হৈছে নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে। যিজন আৰক্ষী কনিষ্টবলে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই কনিষ্টবলজনৰ বিৰুদ্ধেই মনে সজা কিছু অভিযোগ উত্থাপন কৰাৰ অভিযোগ উঠিছে তেৰছ গোৱালাৰ বিৰুদ্ধে।

দুলীয়াজানৰ বিধায়কগৰাকীয়ে যান-বাহন শাখাৰ আৰক্ষী কনিষ্টবলগৰাকীক কৰ্তব্য সম্পাদন কৰাৰ বাবে অপদস্থ কৰাৰ অভিযোগ উঠাৰ পাছত চৌদিশে ধিক্কাৰ দিছিল বিজেপি বিধায়কগৰাকীক। নিজৰ দুখ ঢাকিবলৈ এই ঘটনাৰে মৌলবাদী শক্তি জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আৰু সেই সময়ত যান-বাহন শাখাৰ আৰক্ষীয়ে তেওঁক গালি-গালাছ কৰা বুলি অভিযোগ তোলাতেই ক্ষান্ত নাথাকি তেৰছ গোৱালাই শুকুৰবাৰে প্ৰত্যাহ্বান জনালে নিজ দলৰ চৰকাৰকে।

এক প্ৰকাৰে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীকে গোৱালাই প্ৰত্যাহ্বান জনাই তদন্ত চলি থকাৰ সময়ত কনিষ্টবলগৰাকীক আৰক্ষী উচ্চপদস্থ বিষয়াই প্ৰশংসা কৰা কাৰ্যক সমালোচনা কৰি এয়া কেনেকৈ হ'ব পালে বুলি জবাবদিহি কৰে।

গোৱালাই কয়- মই অভিযোগ দাখিল কৰাৰ পাছত এই বিষয়টো তদন্তচলি আছে । তাৰমাজতেই আৰক্ষীয়ে এই কনিষ্টবল তথা যান-বাহন শাখাৰ বিষয়াসকলক কিদৰে প্ৰশংসা আৰু পুৰস্কৃত কৰিছে তাক লৈ মোৰ সন্দেহ আছে। ইয়াৰ উত্তৰ চৰকাৰে দিব লাগিব বুলি পৰোক্ষভাৱে মুখ্যমন্ত্ৰীকে কাঠগড়াত উঠাই বিধায়কগৰাকীয়ে। লগতে বিধানসভাত এই বিষয়টো উত্থাপন কৰি বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে, শুকুৰবাৰে চানমাৰী থানাৰ এই কনিষ্টবল তথা বিষয়াসকলক এনে জটিল পৰিস্থিতিত সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ বাবে উচ্চ প্ৰশংসা কৰি আইন শৃংখলা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে তেওঁলোকৰ ফটো সহ এটা টুইট কৰিছিল টুইটাৰত।

বিধায়ক গোৱালাৰ প্ৰতিক্ৰিয়াৰ পাছতেই এই টুইটটো ডিলিট কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। ছ'চিয়েল মিডিয়া আৰু ৰাজ্যজুৰি গোৱালাৰ এই স্থিতিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে দুলীয়াজানৰ বিধায়কগৰাকীৰ এনে মানসিকতাক গৰিহণা দিয়াৰ লগতে আইন ভংগ কৰি নিজকে ধোৱা তুলসীৰ পাত সজাব বিচৰা কাৰ্যক চোকা ভাষাৰে সমালোচনা কৰিছে।

এইখিনিতে মন কৰিব লগা যে, গোৱালাই সেই সময়ত ঘটনাস্থলীত এজন বিশেষ সম্প্ৰদায়ৰ লোকে ভাবুকি দিয়া বুলিও সমগ্ৰ ঘটনাটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে। তেৰছ গোৱালাৰ এনে মানসিকতা আৰু নিজ দলৰ চৰকাৰকে প্ৰত্যাহ্বান জনোৱা কাৰ্যক কোনো কোনোৱে ক্ষমতাই তেওঁৰ মূৰত ধৰা বুলি মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শপত গ্ৰহণ কৰি যান-বাহন নিয়ম মানি চলিব বুলি অংগীকাৰ কৰিছিল। তেনেস্থলত তেৰছ গোৱালাৰ এনে স্থিতি আৰু কাৰ্যকলাপে দলটোৰ ভিতৰ চৰাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ আলম লৈ প্ৰথমে মৌলবাদী শক্তিত জড়িত থকা বুলি অভিযোগ তোলা এই জনপ্ৰতিনিধিগৰাকীয়ে নিজ দলৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ঘটনাৰ উত্তৰ দিব লাগিব বুলি কৰা প্ৰত্যাহ্বানে সাধাৰণ ৰাইজৰো চকু কঁপালত তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in