নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত কৃষক-ছাত্ৰ মুক্তিৰ আমৰণ অনশন

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত কৃষক-ছাত্ৰ মুক্তিৰ আমৰণ অনশন

ডিজিটেল সংবাদ, গোৱালপাৰাঃ নতুনৰ আশা কঢ়িয়াই অনা নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যজুৰি কৃষক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহু চৰ্চিত জাতি ধবংশী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মঙলবাৰৰ পৰা আৰম্ভ কৰিছে আমৰণ অণশনৰ কাৰ্যসূচী।ইয়াৰ অংশ হিচাপে নামনি অসমৰ গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও যৌথভাৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱাৰে পৰা আৰম্ভ কৰিছে আমৰণ অনশন।

আপোচহীন মনোভাব পোষন কৰি আমৰণ অনশনত বহা কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেৰ্তৃত্ববৃন্দই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে জাতি,মাটি আৰু ভেটিৰ শ্ল'গানেৰে ক্ষমতাৰ মছনদ দখল কৰা বিজেপি চৰকাৰখনে সময় বাগৰাৰ লগে লগে অসমীয়া ৰাইজৰ আবেগ-অনুভূতি কোনো গুৰুত্ব নিদি লুটিবাগৰ মাৰি ৰাইজক প্ৰতাৰণা কৰিছে।নাগৰিকত্ব বিধেয়ক সংশোধন কৰি অসমত অবৈধ হিন্দু বাংলাদেশীৰ বোজা জাপি দি অসমীয়া জাতিৰ ভেটি আৰু স্বাভিমানত আঘাত হানি ৰাজনৈতিক স্বাৰ্থৰ বাবে কু-চক্ৰান্ত ৰচনা কৰিছে এইখন চৰকাৰে।হিন্দুৱে হওঁক বা মুছলমানেই হওঁক কোনো বিদেশীৰ বোজা অসমে বহন কৰাটো মানি লোৱা নহ'ব।

কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰি তীব্ৰ প্ৰতিবাদ জনাই আহিছে।তৎসত্বেও কিন্তু চৰকাৰৰ গা লৰা নাই।চৰকাৰৰ এই ৰাজনৈতিক উদ্দেশ্য কৃষক-ছাত্ৰ মুক্তিয়ে কেতিয়াও সফল হ'ব নিদিয়ে।যি কোনো পৰিস্থিতিতে নাগৰিত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ বদ্ধপৰিকৰ বুলি অনশনত বহা কৃষক মুক্তিৰ সভাপতি পৰমা ৰাভা;সম্পাদক মনিশংকৰ গয়াৰী,জিলা ছাত্ৰ মুক্তিৰ সভাপতি আমিনুল হক;কাৰ্যকৰী সভাপতি হুছাইন আহমেদ মাদানি প্ৰমুখ্যে সংগঠন দুটাৰ নেতাসকলে একেমুখে স্পষ্ট কৰে।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন বহা সংগঠনদ্বয়ৰ নেতাসকল হ'ল: পৰমা ৰাভা, সভাপতি জিলা কৃষক মুক্তি, নবিউল ইছলাম যুটীয়া সম্পাদক জিলা কৃষক মুক্তি, আমিনুল হক জিলা সভাপতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, হুছেইন আহমেদ মাদানী কাৰ্যকৰী সভাপতি জিলা ছাত্ৰ মুক্তি, জাকিৰ হুছেইন উপ সভাপতি জিলা ছাত্ৰ মুক্তি, আমিনুল ইছলাম জিলা সাংগঠনিক সম্পাদক আৰু নজৰুল ইছলাম সভাপতি গোৱালপাৰা টাউন সমিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in