প্ৰথমবাৰৰ বাবে আজিৰে পৰা গোৱালপাৰাত ৰঞ্জী ট্ৰফীৰ ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে আজিৰে পৰা গোৱালপাৰাত ৰঞ্জী ট্ৰফীৰ ক্ৰিকেট মেচ

ডিজিটেল সংবাদ,গোৱালপাৰাঃ আজিৰে পৰা পোন প্ৰথমবাৰৰ বাবে গোৱালপাৰা চহৰৰ ডি এন সিংহ ষ্টেডিয়ামত আৰম্ভ হৈছে বি চি চি আইল  ৰঞ্জী ট্ৰফী ২০১৮-১৯ ৰ টেষ্ট মেচ ক্ৰিকেট খেল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ অধীনস্থ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত অহা বৰ্ষৰ ১০ জানুৱাৰীলৈকে চলিব লগীয়া ৰঞ্জী ট্ৰফীৰ আনুষ্ঠানিক উদ্ধোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই।

ডি এন সিংহ ষ্টেডিয়ামখনৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে ষ্টেডিয়ামখনত এখন ইন্দ'ৰ ষ্টেডিয়াম আৰু এখন চুইমিং পুল জিলা প্ৰশাসনে টাউন ডেভলপমেন্ট আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ উদ্যোগ লোৱা বুলি উদ্ধোধনী ভাষনত উপায়ুক্তই প্ৰকাশ কৰে।  উদ্ধোধনী সভাত বি চি চি আইৰ উত্তৰ-পূৱৰ খেল উন্নয়ন প্ৰৱন্ধক অনন্ত দত্তা,অৰুণাচল ক্ৰীড়া সন্থাৰ সম্পাদক টাবু কালি,গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন ডেকা,সম্পাদক ৰত্না দাস,ফিল্ড মেনেজাৰ উৎপল দাসকে ধৰি অইন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

আজিৰ খেলখন অনুষ্ঠিত হয় অৰুণাচল প্ৰদেশ বনাম টিম উত্তৰাখণ্ড দলৰ মাজত। পুৱা ৯  বজাৰ পৰা আৰম্ভ হোৱা খেলৰ পূৰ্বে টীম উত্তৰাখণ্ড দলৰ কেপ্টেইন ৰজত ভাটিয়াই টচত জিকি প্ৰথমখন খেলৰ প্ৰথটো ইনিংচৰ বাবে অৰুণাচলক বেটিং কৰিবলৈ দি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। অৰুণাচল দলে প্ৰথম ইনিংচৰ তিনি অভাৰতে ১৭ ৰাণ সংগ্ৰহ কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপৰ্যৰ সন্মুখীন হয়।

পুৱা ১০.৫০ বজালৈকে অৰুণাচলে মুঠ ৬টা উইকেট হেৰুৱাই ৬০ ৰাণ সংগ্ৰহ কৰে। আজিৰ অৰুণাচল বনাম টীম উত্তৰাখণ্ডৰ খেলখন অহা ১ ডিচেম্বৰলৈকে চলিব। তাৰ পৰৱৰ্তী খেল দুখন ক্ৰমে অহা ১৪ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ অৰুণাচল প্ৰদেশ বনাম পণ্ডিচেৰী আৰু অহা ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰী লৈ অৰুণাচল বনাম চিকিমৰ মাজত অনুষ্ঠিত হব।

উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফী খলৰ গোৱালপাৰা ডি এন সিংহ ষ্টেডিয়ামৰ খেলপথাৰ খন অসমৰ ভিতৰত দ্বিতীয় স্থান প্ৰাপ্ত বুলি জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াসকলে জানিব দিছে। পৰৱৰ্তী সময়ত বি চি চি আইয়ে আৰু অধিক খেল অনুষ্ঠিত কৰাৰ আশা কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in