গোৱালপাৰাৰ কৃষ্ণাইত স্বামী-শহুৰে হাত-ভৰি বান্ধি জ্বলাই দিলে মহিলাক

গোৱালপাৰাৰ কৃষ্ণাইত স্বামী-শহুৰে হাত-ভৰি বান্ধি জ্বলাই দিলে মহিলাক

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ জঘন্য নিৰ্যাতনৰ বলি মহিলা। গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত শনিবাৰে নিশা স্বামী আৰু শহুৰে জ্বলাই দিলে এগৰাকী মহিলাক। মাত্ৰ ৮ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মহিলাগৰাকীক বিয়াৰ পিছতে অমানুষিক অত্যাচাৰ চলাইছিল স্বামী পৰিয়ালে। অগ্নিদগ্ধ মহিলা গৰাকী বৰ্তমান সংকটজনকদ অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে। মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে যে শনিবাৰে নিশা হাত-ভৰি বান্ধি কেৰাচিন ঢালি জ্বলাই দিয়ে মহিলাগৰাকীক। ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালে স্বামী ছাহজাহান আলী আৰু জামাল আলীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in