গোৱালপাৰাৰ ‘লাডেন’ৰ শেহতীয়া খবৰঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ট্ৰেংকুলাইজ প্ৰক্ৰিয়া…

গোৱালপাৰাৰ ‘লাডেন’ৰ শেহতীয়া খবৰঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ট্ৰেংকুলাইজ প্ৰক্ৰিয়া…

ডিজিটেল সংবাদ, গোৱালপাৰা: ২৪ ঘণ্টাৰ ভিতৰতে ৫ জনকৈ লোকক আক্ৰমণ কৰি সন্ত্ৰাস নমাই অনা অকলশৰীয়া বন্যহস্তীটোক ট্ৰেংকুলাইজ কৰি নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিয়া নিৰ্দেশ প্ৰায় দহ দিন উকলি গ'ল। কিন্তু অদ্যাপি 'লাডেন' নামেৰে চৰ্চিত নৰহত্যাকাৰী হাতীটোক বন বিভাগে ট্ৰেংকুলাইজ কৰিব পৰা নাই।উল্লেখ্য যে বন বিভাগে অত্যাধুনিক ড্ৰোন কেমেৰাৰ সহায়ত ৰংজুলি আঞ্চলিক বনাঞ্চলৰ অধীনস্থ চাতাবাৰীৰ ঘন জংঘলত হাতীটোৰ অৱস্থিতি ধৰা পেলায়।

কিন্তু ২৯ তাৰিখৰ ঘটনাৰ দিনাই মুখ্যমন্ত্ৰী সোনোৱালে গঠন কৰি দিয়া উচ্চস্তৰীয় বিশেষজ্ঞৰ দলৰ কমিটিখনে হাতীটোক ট্ৰেংকুলাইজ কৰাৰ কোনো সিদ্ধান্ত দিব পৰা নাছিল।ইয়াক লৈ স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰে।অৱশেষত যোৱা ৪ নৱেম্বৰৰ সন্ধিয়া কথিত লাডেনক ট্ৰেংকুলাইজ কৰি মানাহ নাইবা নামেৰি অভয়াৰণ্যৰ গভীৰ জংঘলত এৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত লয় উচ্চস্তৰীয় বিশেষজ্ঞ দলৰ কমিটিখনে।

লাডেনক ৰুধিবলৈ পবিতৰাৰ পৰা দৈত্যকায় দঁতাল 'কুনকী' হাতী এটি আনিবলৈও সিদ্ধান্ত লোৱা হয়।বিভাগীয় বন মন্ত্ৰীয়েও হাতীটোৰ ডিঙিত ৰেডিঅ'কলাৰ লগাই গভীৰ অৰণ্যলৈ স্থানান্তৰিত কৰাৰ বাবে সেউজ সংকেট দিয়ে।ইয়াৰ পিছতে জিলা বন সংমণ্ডল তথা ৰংজুলি আঞ্চলিক বন কৰ্মীৰ পাঁচটাকৈ বিশেষ গোটে অহৰহ লাডেনক নজৰত ৰাখে।

কিন্তু লাডেনক ট্ৰেংকুলাইজ কৰিবলৈ সম্পূৰ্ণ যাবতীয় প্ৰস্তুতি লোৱাতে বন বিভাগৰ তিনিটা দিন উকলি গ'ল।এনে সন্ধিক্ষণত বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ সন্দেহ ওপজে।একাংশ ৰাইজ আৰু দল-সংগঠনৰ অভিযোগ কৰা মতে, ৰাইজক শান্তনা দিয়াৰ বাবে বন বিভাগ আৰু ৰাজ্য চৰকাৰে এখন নাটক ৰচনা কৰিছে।হাতীটো ৰংজুলি বনাঞ্চলত আছে নে নাই তাকলৈও এতিয়া ৰাইজৰ সন্দেহ উপজিছে।

হাতীটো নৰহত্যা কৰি অনুতপ্ত হৈ খাৱন একেবাৰে এৰি দিয়া বুলি শেহতীয়াকৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদ মাধ্যমত কৰা মন্তব্যকলৈও ৰাইজে সন্দিহান হৈ পৰিছে।অৱশ্যে বৃহস্পতিবাৰে সন্ধিয়া গোৱালপাৰা জিলা বন সংমণ্ডলৰ শীৰ্ষ সূত্ৰই জানিব দিয়া মতে, বন বিভাগে লাডেনক ট্ৰেংকুলাইজ কৰিবলৈ আজি হে সম্পূৰ্ণ যাবতীয় যা-যোগাৰ কৰিছে। প্ৰাপ্তখবৰনুসৰি, লাডেন বন্যহস্তীক ট্ৰেংকুলাইজ কৰিবৰ বাবে উপস্থিত থাকিব বিধায়ক পদ্ম হাজৰিকা।

অৱশ্যে হাইড্ৰলিক ক্ৰনখন কাইলৈহে আহিব।লাডেনক ৰংজুলিৰ ঘন জংঘলৰ পৰা সুবিধাজনক স্থানলৈ খেদি আনি ট্ৰেংকুলাইজ কৰিবৰ বাবে শুক্ৰবাৰৰ পৰা অভিযান আৰম্ভ কৰিব বুলি সূত্ৰটোৱে সদৰি কৰিছে। পিছে এয়া বন বিভাগৰ সঁচা নাটক নে ভেঁকোভাওনা সেয়া পৰৱৰ্তী সময়তহে দেখা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in