ভাৰত চৰকাৰ মুৰ্দাবাদ ধ্বনিত উত্তাল গোৱালপাৰা

ভাৰত চৰকাৰ মুৰ্দাবাদ ধ্বনিত উত্তাল গোৱালপাৰা

ডিজিটেল সংবাদ,গোৱালপাৰাঃ কৃষক নেতা অখিল গগৈৰ নেৰ্তৃত্বত কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমতিয়ে 'হয় মৰিম,নহয় বিধেয়ক বাতিল কৰিম' সংকল্পৰে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি মঙলবাৰৰ পৰা আৰম্ভ কৰা আমৰণ অনশনৰ গোৱালপাৰা জিলা সমিতিৰ অনশনকাৰী সংগঠনদ্বয়ৰ নেৰ্তৃত্ববৃন্দক নিশা ১১ বজাত অনশনস্থলী উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

অৱশ্যে নিশাই গ্ৰেপ্তাৰ কৰা অনশনকাৰীসকলক আৰক্ষীয়ে ব্যক্তিগত জামিনত মুকলি কৰে।আৰক্ষীয়ে জিলা কৃষক-ছাত্ৰ মুক্তিৰ আমৰণ অনশনকাৰীসকলক গ্ৰেপ্তাৰ কৰি মুকলি কৰিলেও বিধেয়ক খনৰ বিৰুদ্ধে আৰম্ভ কৰা আপোচহীন প্ৰতিবাদ স্তব্ধ হোৱা নাই।আজি পুনৰ সংগঠন দুটাৰ নেৰ্তৃত্ববৃন্দই অসমীয়া ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।দিনৰ ১২মান বজাত কৃষক- ছাত্ৰ মুক্তিৰ নেৰ্তৃত্বই গোৱালপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত ভাৰত চৰকাৰ মুৰ্দাবাদ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ,বিজেপি চৰকাৰ হায় হায়,বিজেপি চৰকাৰ গৌ বেক,অবৈধ হিন্দু বাংলাদেশী বিদেশীক মানি লোৱা নচলিব, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব,হয় মৰিম,নহয় বিধেয়ক বাতিল কৰিম,ভাৰত চৰকাৰ মুৰ্দাবাদ,বাংলাদেশী মুৰ্দাবাদ আদি শ্ল'গানেৰে গোৱালপাৰা চহৰৰ আকাশ বতাহ মুখৰিত কৰি ব্যস্ত ৰাজপথ উত্তাল কৰি তোলে।

যুটীয়া সংসদীয় সমিতি(জে পি চি)ৰ কান্ধত বন্দুক থৈ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে শেহতীয়াকৈ ৰচনা কৰা কুটিল ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ অসমীয়া ৰাইজ আৰু দল-সংগঠনসমূহে আৰম্ভ কৰা প্ৰতিবাদী আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে ইয়াক বাতিল কৰা নহয়।এই দৰে প্ৰতিবাদকাৰী সকলে চৰকাক স্পষ্ট কৰি অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অতিশিঘ্ৰেই বাতিল কৰিবলৈ দাবী জনায়।

অন্যথা বিধেয়কখনক লৈ ভয়ংকৰ পৰিস্থিতি হলে চৰকাৰেই মূলত দায়ী হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদীসকলে।আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তিৰ সভাপতি আমিনুল হক, উপ সভাপতি জাকিৰ হুছেইন, সহ সম্পাদিকা নিজি আলম, টাউন কৃষক মুক্তিৰ সভাপতি নজৰুল হক, টাউন ছাত্ৰ মুক্তিৰ সভাপতি মাইনুৰ আলম আহমেদৰ লগতে সমূহ কৰ্মকৰ্তাই অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in