সম্প্ৰীতিৰ নিদৰ্শন: গোৱালপাৰাত কালী পূজাৰ সম্পূৰ্ণ খৰচ বহন কৰিলে মুছলমান সম্প্ৰদায়ৰ এজন লোকে

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰাঃ যি সময়ত ৰাজ্যখনত একাংশই সাম্প্ৰদায়িক ৰাজনীতিৰে পুৰ্বৰ পৰম্পৰা তথা ঐক্যৰ মাজত বিভাজনৰ সৃষ্টি কৰিব খুজিছে, সেই সময়তে গোৱালপাৰাত এখন কালী পূজাত দেখা গল ভাতৃত্ববোধৰ নিদৰ্শন ৷ গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা বেলতলাৰ কালীপূজাৰ মা কালীৰ মুৰ্তিৰ পৰা আৰম্ভ কৰি পূজাখনৰ যাৱতীয় খৰচ বহন কৰিছে এজন মুছলমান সম্প্ৰদায়ৰ লোকে ৷

এই সুহৃদয়ৰ লোকজন চহৰৰে কল্পনা নগৰৰ ফজলুল ৰহমান ৷ তেও প্ৰতিবছৰে বিভিন্ন পূজাত এনেকৈ খৰচ বহন কৰে ৷ বেলতলা এই কালীপূজাত একেৰাহে তিনিবছৰ মা কালী পূজাৰ সম্পুৰ্ণ খৰচ বহন কৰিব বুলি উল্লেখ কৰে লোক জনে ৷ মা কালী পূজাৰ সম্পুৰ্ণ খৰচ বহন কৰিবলৈ পাই খুবেই সুখী ফজলুল ৰহমান ৷ তেও কয় যে নিজৰ ধৰ্ম নিয়মিতভাৱে পালন কৰাৰ লগতে আন ধৰ্মকো সন্মান কৰে ৷

ইপিনে বেলতলা পূজা কমিটিয়েও এই কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে, কিয়নো বেলতলাৰ মা কালী পূজা প্ৰতিবছৰে হিন্দু মুছলমান সকলো মিলি উদযাপন কৰা হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in